কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে একে মূল্য হ’ব লাগে কোভিড ভেকচিনৰ : অৰবিন্দ কেজৰিৱাল

কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে একে মূল্য হ’ব লাগে কোভিড ভেকচিনৰ : অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে কোৰোনাৰ সংক্ৰমন বৃদ্ধি পাইছে । দিল্লীতো কোভিডে একপ্ৰকাৰৰ বিভিষিকাৰ সৃষ্টি কৰে । সোমবাৰে এক সংবাদমেল যোগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ বাবে কোভিড ভেকচিনৰ মূল্য এটা হ'ব লাগে । দিল্লীত ১৮ বছৰৰ উৰ্ধৰ সকলোকে বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰা হ'ব ।

ইফালে কোৰোনাৰ বাবে ভেকচিন সমাধানৰ পথ বুলি উল্লেখ কৰি কেজৰিৱালে কয় – দিল্লী চৰকাৰে ১৩.৪ কোটি ভেকচিনৰ বাবে এটা নিৰ্দেশ অনুমোদন কৰিছে। ভেকচিনৰ ফলত যদি কোনো ৰোগ হয়, তেনেহ'লে সেই ৰোগ আৰোগ্য কৰা হ'ব। বিশেষজ্ঞ সকলৰ মতে ভেকচিনে ইংলেণ্ডত কোৰোনাৰ ঢৌ সমাপ্ত কৰিছে। কেইমাহমান আগলৈকে লণ্ডনত কোৰোনাই এক বিভিষিকাৰ সৃষ্টি কৰিছিল কিন্তু ভেকচিনৰ বাবে এতিয়া অৱস্থা বহুত ভাল হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in