অশান্ত অসম-মিজোৰাম সীমান্তঃ মিজোৰাম গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

অশান্ত অসম-মিজোৰাম সীমান্তঃ মিজোৰাম গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

ডিজিটেল ডেস্কঃ কাছাৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত ৬জনকৈ লোকৰ বৰ্তমানলৈ মৃত্যু হৈছে। তদুপৰি ৬০জনৰৈ অধিক অসম আৰক্ষী আৰু স্থানীয় লোক আহত হৈছে। ইফালে, মিজোৰামৰ গৃহ মন্ত্ৰী পু লালচামলিয়ানাই ইতিমধ্যে এক প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উক্ত বিবৃতিটোত কোৱা হৈছে যে- সোমবাৰে পুৱা প্ৰায় ১১.৩০ বজাত কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীৰ আইজিপিৰ নেতৃত্বত যোৱা এই দলটোৰ লগতে উক্ত স্থানত উপস্থিত হয় কাচাৰৰ উপায়ুক্ত, এছ পি, ডিএফঅ'।

প্ৰেছ বিবৃতিটোত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, পুৱা সময়ত ভাইৰেংটেত উপস্থিত হৈ মিজোৰাম চিআৰপিএফৰ এটা ষ্টেচন আৰু মিজোৰাম আৰক্ষীৰ এটা শাখা য'ত কৰ্তব্যৰত আছিল সেই স্থান পাৰ কৰে অসমৰ পৰা অহা আৰক্ষীৰ দলটোৱে। তাৰপাছত ভাইৰেংটে আৰু লাইলাপুৰৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰা বহু কেইখন বাহন ভাঙি দিয়ে।

অসম আৰক্ষীৰ দলটোৱে ভাইৰেংটে চহৰৰ বাসিন্দাসকলক সোধ-পোছ কৰে আৰু তেওঁলোকৰ ওপৰত লাঠীচালনা কৰে। লগতে নিক্ষেপ কৰে টিয়েৰ গেছ। যাৰ ফলত আঘাতপ্ৰাপ্ত হয় বহু কেইগৰাকী স্থানীয় লোক। তাৰপাছত কোলাছিবৰ এছ পি আৰু কাৰ্যবাহী দণ্ডাধীশে অসম আৰক্ষীৰ দলটোৰে মিলিত হৈ সমস্যাটো সমাধানৰ বাবে আলোচনা কৰাৰ চেষ্টা কৰে যদিও অসম আৰক্ষীৰ দলটোৱে এই সন্দৰ্ভত অনিচ্ছা প্ৰকাশ কৰে বুলি উল্লেখ কৰিছে এই প্ৰেছ বিবৃতিত।

লগতে কোৱা হৈছে যে- তাৰপাছৰে পৰা সংঘৰ্ষত অব্যাহত আছিল যদিও সন্ধিয়া ৪.৫০ বজাত অসমৰ ফালৰ পৰা গুলীবৰ্ষণ হয়। এই সমগ্ৰ ঘটনাটো অতি দুৰ্ভাগ্যজনক। এই সংঘৰ্ষ অসম আৰক্ষীৰ আক্ৰমণৰ সৈতে বাইৰেংটে অটো ৰিক্সা ষ্টেণ্ডৰ সমীপৰ চিআৰপিএফ আৰু মিজোৰা আৰক্ষীৰ শিবিৰত আৰম্ভ হৈছিল। মিজোৰাম চৰকাৰে অসম চৰকাৰৰ এনে হিংসাত্মক ঘটনাক তীব্ৰ গৰিহনা জনাইছে। মিজোৰাম চৰকাৰে এই সংঘৰ্ষত আহত সকলোৰে আশুআৰোগ্য কামনা কৰিছে। মিজোৰাম চৰকাৰে বিচাৰে যে অসমৰ সৈতে আন্তৰাজ্যিক সীমান্ত সমস্যাবোৰ শান্তি আৰু বুজাবুজিৰ মাজেৰে সমাধান হ'ব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in