কংগ্ৰেছমুক্ত ভাৰত, বিজেপিৰ অলীক কল্পনাঃ তৰুণ গগৈ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে। ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত গগৈয়ে কয় 'পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিলে যে বিজেপিত খহনীয়া আৰম্ভ হৈছে। ২০২১ৰ নিৰ্বাচনত আমিয়ে বিজয়ী হ'ম।' বিজেপিয়ে দাবী কৰা ধৰণে ভাৰতবৰ্ষৰ কংগ্ৰেছক আঁতৰাব নোৱাৰে বুলি কোৱাৰ লগতে কংগ্ৰেছমুক্ত ভাৰত অলীক কল্পনা বুলি মন্তব্য কৰে গগৈয়ে।

ইয়াৰোপৰি বিজেপিক সমালোচনা কৰি গগৈয়ে কয় ' নীতি-আদৰ্শহীন ৰাজনীতি স্থায়ী হ'ব নোৱাৰে। চৰকাৰ চলোৱাৰ দক্ষতা নাই বিজেপি দলৰ। দুনীৰ্তিৰ টকাৰে হেলিকপ্টাৰ উৰুৱাই দুৰ্নীতিৰ কথা কৈ লাভ নাই।' চত্তীশগড় আৰু মধ্যপ্ৰদেশত কংগ্ৰেছৰ বিজয়ে মোদী মেজিকৰ কাম নোহোৱা হ'ল প্ৰমাণ কৰাকে প্ৰমাণ কৰিলে বুলিও মন্তব্য কৰে তৰুণ গগৈয়ে।

সংবাদমেলত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলকো সমালোচনা কৰিলে গগৈয়ে। 'আজমল থকালৈকে বিজেপি জীয়াই থাকিব আৰু পঞ্চায়ত নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাবলৈ আজমলক বিজেপিয়ে টকা দিয়া শুনিছো বুলিও কটাক্ষ কৰে গগৈয়ে। চামগুৰিৰ ৰকিবুল হুছেইনৰ সমষ্টিত কংগ্ৰেছৰ দুৰ্দশাক লৈ গগৈয়ে কয় ' ৰকিবুল হুছইনে চাৰিখন জিলা পৰিষদ জিকিছে যেতিয়া ৫০-৫০ হৈছে নিৰ্বাচন। ৰিপুণ বৰাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ কথাই নাহে বুলিও সংবাদমেলত জানিবলৈ দিয়ে গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাফেল বিমান ক্ৰয়ৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ কয়- ' উচ্চতম ন্যায়ালয়ে সকলো নাচায়,কেগৰ ৰিপৰ্টে কি কৈছে সেইটোহে বেছি গুৰুত্বপূৰ্ণ।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in