ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধ নেকি! শ্ৰীমন্ত শংকৰদেৱ সংঘই স্পষ্ট কৰি দিলে স্থিতি…VIDEO

ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধ নেকি! শ্ৰীমন্ত শংকৰদেৱ সংঘই স্পষ্ট কৰি দিলে স্থিতি…VIDEO

ডিজিটেল সংবাদ, শিমলুগুৰিঃ সমগ্ৰ ৰাজ্যত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা লখিমপুৰ জিলাৰ শিমলুগুৰিৰ এটা পৰিয়াল বহিস্কৃত হ'বলগীয়া ঘটনাই সমগ্ৰ ৰাজ্যতে বিশেষভাবে চৰ্চা লাভ কৰিছে ৷

শিমলুগুৰিৰ সমীপৱৰ্তী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কমলপুৰ প্ৰাথমিক শাখাৰ সৰুল'ৰা বৰাৰ পৰিয়ালটিক তেওঁৰ পুত্ৰ সুনীল বৰাই 'ব্ৰইলাৰ ফাৰ্ম' খোলাৰ বাবে প্ৰাথমিকটোৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰত প্ৰেৰণ কৰা এখন পত্ৰৰ যোগে বহিস্কাৰ কৰিছিল ৷ইয়াৰ মাজতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধলপুৰ আঞ্চলিকে এক সংবাদমেলৰ জৰিয়তে কেতবোৰ মন্তব্য দাঙি ধৰে ৷

সংবাদমেলখনিত স্থিতি স্পষ্ট কৰি কয় যে- সৰুল'ৰা বৰাৰ পৰিয়ালটিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি বৰ্হিভূত, আৰ্দশৰ পৰিপন্থী কাম কৰিছে ৷ এনে কাৰ্যক শংকৰ সংঘই সমৰ্থন নকৰে ৷যাৰ বাবে তেওঁ সামাজিক যি ব্যৱস্থা তাৰ পৰা বাদ পৰিছে ৷ তেওঁৰ সংঘৰ সদস্যপদ বাতিল কৰিব প্ৰাথমিক, আঞ্চলিক অথবা জিলা সমিতিয়ে কৰিব নোৱাৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুশাসনৰ ওপৰত নিৰ্ভৰশীল ৷ অনুশাসন ভংগীকাৰী বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হয় ৷

সংঘৰ নিজাববীয়া নিৰ্দেশনা আছে ৷ যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই বেংকৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে ৷ নীতি, আৰ্দশ জ্বলাঞ্জলি দি আৰ্থিকভাবে টনকীয়াল হোৱা কাৰ্যক সমৰ্থন নকৰো ৷ অন্য উপায়েৰে স্বাৱলম্বী হওঁক ৷ অন্যথা শংকৰ সংঘৰ পৰা বাদ পৰি কাম কৰক ৷ সংবাদমেলখনত লগতে উল্লেখ কৰে যে ২০১৮ চনত একেটা দিশতে আলোচনা কৰাৰ পিছত নামাচাৰ্য সৰুল'ৰা বৰাই ব্ৰইলাৰ পোহা কাৰ্য এৰিম বুলি কৈ সংগী ভুক্তি হৈছিল ৷ ইফালে সুনীল বৰা ২০১৮ বৰ্ষতেই ঘৰত আহিছিল ৷

তেওঁৰ ব্ৰইলাৰ ফাৰ্মখনৰ দূৰত্ব এক কিলোমিটাৰ নহয় ৷ তেওঁ মিছা মাতিছে ৷ সংঘত প্ৰত্যেক বছৰেই সংগী পদ নবীকৰণ হয় ৷ নবীকৰণৰ পৰা বঞ্চিত হোৱাৰ সংগীৰহে কৰ্তন হয় ৷ স্থায়ী সদস্য কোনো নাথাকে ৷আত্ম সংশোধনেৰে সংস্কৃতি বিৰোধ কাম কৰাৰ পৰা বিৰত থাকিলে পুনৰ সৰুল'ৰা বৰাৰ পৰিয়ালটিক আদৰি ল'ব বুলি উল্লেখ কৰে ৷আজিৰ সংবাদমেলখনিত শ্ৰীমন্ত শংকৰদেৱ সংঘস ধলপুৰ আঞ্চলিকৰ সভাপতি ধনীৰাম গগৈ, সম্পাদক পূৰ্নেশ্বৰ গগৈ, সহকাৰী সম্পাদক পদ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন সম্পাদক মানিক হাতীবৰুৱা, উপদেষ্টা বুবুল গগৈ,মুলৰ সদস্য দয়ালমণি গগৈ, কমলপুৰ প্ৰাথমিক শাখাৰ সভাপতি অমূল্য বৰা আৰু সাহিত্য সম্পাদক নিতুল দুৱৰাই অংশগ্ৰহণ কৰে ৷

উল্লেখ্য, 'শ্ৰীমন্ত শংকৰদেৱ সংঘই নিষিদ্ধ কৰি থোৱা পক্ষী পালন (ব্ৰইলাৰ ফাৰ্ম)কৰা হেতুকে যোৱা ৪/০৬/২০২০তাৰিখে প্ৰাথমিকৰ সাধাৰণ সভাৰ সৰ্বসন্মতি ক্ৰমে লোৱা প্ৰস্তাৱ অনুসৰি আপোনাৰ গৃহভাগিক সাময়িকভাবে প্ৰাথমিক শাখাৰ সহযোগৰ পৰা বিৰত কৰা হ'ল ৷ এনেধৰণে লিখিত পত্ৰৰ জৰিয়তে পৰিয়ালটিক জনোৱাৰ লগতে ধলপুৰ আঞ্চলিক শাখালৈও প্ৰেৰণ কৰিছিল ৷

কমলপুৰ প্ৰাথমিক শাখাই লোৱা এই সিদ্ধান্তৰ পাছতে ছ'চিয়েল মিডিয়াত সৰুল'ৰা বৰাৰ পুত্ৰ সুনীলে পত্ৰখন আপলোড কৰাৰ লগতে" এজন অসমীয়া যুৱক হিচাবে কৰ্মৰ যোগেদি নিজকে চিনাকি দিয়াটো মোৰ পাপ হ'ব পাৰে নেকি? মই ঠগ, দালাল হোৱাটো সমাজে বিচাৰে নেকি? আদি কেতবোৰ মন্তব্যৰে অনুৰোধ জনাইছিল ৷ পৰবৰ্তীসময়ত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই সকলো ছপা আৰু ইলেকটনিক সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো বহলভাবে প্ৰচাৰিত হৈছিল ৷

উল্লেখ্য, বহিঃৰাজ্য মুম্বাইত কৰ্ম কৰি পোৱা সাঁচতীয়া টকাৰে সুনীলে প্ৰিমিয়াম কোম্পানীৰ জৰিয়তে তেওঁৰে সম্বন্ধীয় ভাতৃ পাপু বৰাৰ সৈতে মুৰৰ ঘাম মাটিত পেলাই কমলপুৰতে ব্ৰইলাৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছিল ৷

উক্ত প্ৰাথমিকটোৱে পৰিয়ালটোক ফাৰ্মখন বন্ধ কৰিবলৈ পূৰ্বৰে পৰা সকীয়াই আছিল ৷কিন্তু এই ক্ষেত্ৰত প্ৰাথমিক শাখাই নামাচাৰ্য সৰুল'ৰা বৰাৰ পৰিয়ালটিক সন্মতি দিয়া নাছিল ৷আজিৰ সংবাদমেলখনৰ জৰিয়তে ধলপুৰ আঞ্চলিক শাখাই সংঘৰ আৰ্দশৰ পৰিপন্থী আৰু সংস্কৃতি বৰ্হিভূত কাৰ্যক সমৰ্থন নকৰে বুলি স্থিতি স্পষ্ট কৰি দিয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in