ৰাজ্যখনৰ বিধানসভা সমষ্টি সমূহত কংগ্ৰেছৰ ভেটী শক্তিশালী কৰিবৰ বাবে সাংগাঠনিক দিশত গুৰুত্ব প্ৰদান কংগ্ৰেছৰ…

ৰাজ্যখনৰ বিধানসভা সমষ্টি সমূহত কংগ্ৰেছৰ ভেটী শক্তিশালী কৰিবৰ বাবে সাংগাঠনিক দিশত গুৰুত্ব প্ৰদান কংগ্ৰেছৰ…

ডিজিটেল সংবাদ, গোলাঘাট : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনূসূচিত জাতি কমিটীৰ অধ্যক্ষ ড০ ৰমানন্দ দাসে আজি গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কয় যে কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগে ৰাজ্যখনৰ প্ৰায় ৪৮ লক্ষ অনুসূচিত জাতিৰ সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ বাবে কাম কৰি যোৱাৰ লগতে জাতিটোৰ ৰাজনৈতিক অধিকাৰ অধিক শক্তিশালী কৰাৰ বাবেও নিৰাবিছিন্ন ভাৱে প্ৰচেষ্টা চলাই আহিছে। সংবাদ মেলত তেওঁ কয় যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অনুসূচীত জাতিৰ শিতানত যিমান পৰিমানৰ ধন খৰচ কৰিব লাগে সিমানখিনি কৰা নাই।

ইয়াৰ ফলত জাতিটোৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে বুলিও তেওঁ লগতে মন্তব্য কৰে। অন্যহাতে ৰাজ্যখনত বৰ্তমান অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৮ টা বিধানসভা সমষ্টি আছে যদিও তাৰে এটাহে কংগ্ৰেছৰ হাতত আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে বিৰোধীৰ হাতৰ পৰা বাকী সাতটা বিধানসভা সমষ্টি আজুৰি অনাৰ বাবে অনুসূচিত জাতি বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আগন্তক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বিধানসভা সমষ্টি সমূহত কংগ্ৰেছৰ ভেটী শক্তিশালী কৰিবৰ বাবে অনুসূচিত জাতি বিভাগে সাংগাঠনিক দিশত গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাজ্যখনৰ জিলা সমূহত একোজন কৈ পৰ্যবেক্ষক নিযুক্তি দিছে।


সংবাদ মেলত ড০ দাসৰ লগতে উপাধ্যক্ষা ৰূপা জাপ, আহ্বায়ক সৌৰভজোতি হাজৰিকা, গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক তপন দত্ত আৰু গোলাঘাট জিলা কংগ্ৰেছৰ অবিচি কমিটীৰ অধ্যক্ষ দ্বীপেন বৰুৱায়ো অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in