দুখীয়াৰ ধন দিছে ঘৰৰ মানুহ আৰু চাকৰিয়ালকঃ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ আমছুৰ…

দুখীয়াৰ ধন দিছে ঘৰৰ মানুহ আৰু চাকৰিয়ালকঃ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ আমছুৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিয়ে শুক্ৰবাৰে নগাঁও জিলাৰ ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত ধিং গাঁও মিশ্বণ মাৰ্কেটত এখনি সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত আমছুৱে বিধায়ক আমিনুল ইছলামে দুখীয়া সংখ্যালঘু ৰাইজক আৱেগিক কৰি বিধায়ক হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে, "চৰকাৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত দুখীয়া লোক সকলক আৰ্থিক সহায়ৰ বাবে বছৰি আৱন্টন দিয়া ধন বিধায়ক জনে, চৰকাৰী নীতি- নিৰ্দেশনা ভৰিৰে মোহাৰি স্বজন তোষণত লিপ্ত হৈছে।

বিধায়ক গৰাকীৰ নিজ বাসগৃহৰ সমীপতে অনুষ্ঠিত সংবাদমেলত আমছুৱে কৰা অভিযোগ অনুসৰি, বিধায়ক ইছলামে নিজ সমষ্টিৰ দুখীয়া ৰাইজৰ চিকিৎসাৰ বাবে আৱন্টিত ধন নিজ ভাতৃক আৰু এগৰাকী অনুগামী তথা চৰকাৰী চাকৰিয়ালৰ পত্নীক দিয়াৰ উপৰিও নিজৰ ভতিজাক দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে আবন্তিত ধন প্ৰদান কৰে।

নগাঁও জিলা আমছুৰ সভাপতি আব্দুল ৰহিম, সম্পাদকদ্বয় আব্দুল নুৰ, আশ্ৰাফুল হুছেইন, শিক্ষা সম্পাদক মিজানুৰ ৰহমান উপস্থিতিত অনুষ্ঠিত সংবাদমেলত আন এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে, 'বিধায়ক আমিনুল ইছলামে, চৰকাৰী নিয়ম উলংঘা কৰি সংযুক্ত গণতান্ত্ৰিক ছাত্ৰ মৰ্চাৰ নগাঁও জিলাৰ সভাপতি আছিফ খান(ৰুবেল) নামৰ এজন এ আই ইউ ডি এফ দলৰ নেতাক পাঁচটাকৈ চৰকাৰী নিৰ্মাণ সমিতিৰ সভাপতি পদত অধিষ্ঠিত কৰি অনিয়ম কৰিছে।

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা তথ্য জনাৰ অধিকাৰৰ যোগেদি পোৱা তথ্য অনুসৰি, এইদৰে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে একাধিক স্বজন তোষনৰ ভয়ংকৰ অভিযোগ তথ্য সহকাৰে আজি ফাদিল কৰে নগাঁও জিলা আমছুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in