অগপৰ কিছু নেতাই আমবাৰী দখল কৰি আঞ্চলিকতাবাদক বিপন্ন কৰিছে!

অগপৰ কিছু নেতাই আমবাৰী দখল কৰি আঞ্চলিকতাবাদক বিপন্ন কৰিছে!

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ষমতালৈ আহিলে পুনৰ কেৱ আনিমেই বুলি ঘোষণা কৰাৰ পিছতো অমিত শ্বাহ নেতৃত্বাধিন বিজেপি দলৰ সৈতে পুনৰ মিত্ৰতা পাশত আবদ্ধ হ'ল এজিপি। জাতিৰ স্বাৰ্থ বিসৰ্জন দি ক্ষমতাৰ মোহত অগপ নেতৃত্বই পুনৰ মিত্ৰতা গঢ়াক লৈ ইতিমধ্যে দলটোৰ ভিতৰে বাহিৰে ক্ষোভ আৰু প্ৰতিবাদৰ জুই জ্বলিছে। দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ দৰে নেতাৰ মন্ত্ৰীত্বৰ লোভৰ সন্মুখত জাতীয় স্বাৰ্থ গৌণ হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৃহস্পতিবাৰেই সংবাদমেল পাতি এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল।

একেদৰে ক্ষোভ প্ৰকাশ কৰিছিল প্ৰতিষ্ঠা কালৰ আন এজন নেতা তথা বৰ্তমান বিধায়ক বৃন্দাবন গোস্বামীয়ে। একেসময়তে দলটোৰ প্ৰাথমিক সভ্য পদৰ পৰাই বহু সদস্যই বৃহস্পতিবাৰৰ পৰা পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে পদত্যাগ কৰিছে অসম চুক্তি সম্পাদনৰ সময়ত আছুৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত থকা আৰু পৰৱৰ্তী সময়ত ৩টাকৈ কাৰ্যকাল নগাঁও আৰু বঢ়মপুৰ সমষ্টিৰ পৰা অগপৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নগাঁৱৰ প্ৰভাৱশালী অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱায়ো শুকুৰবাৰে পদত্যাগ কৰিছে।

সমান্তৰালভাৱে আঞ্চলিকতাবাদী দলটোৰ ক্ষুব্ধ সদস্য সকলক লৈ এক নতুন দল গঠনৰ প্ৰস্তুতিও অগপৰ ভিতৰ চৰাৰ পৰাই আৰম্ভ হৈছে। অৱশ্যে অসম গণ পৰিষদৰ ইতিহাসত এয়া নতুন নহয়। ১৯৯১ চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত তদানিন্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলি একাংশ বিধায়কেই ওলাই গৈ ভৃগু ফুকন আৰু বৃন্দাবন গোস্বামীৰ নেতৃত্বত গঠন কৰিছিল নতুন অসম গণ পৰিষদ (এনএজিপি)।

উক্ত দলৰ পৰা এটি কলি দুটি পাতৰ প্ৰতীক লৈ নিৰ্বাচনটো অৱতীৰ্ণ হৈ সীমিত সংখ্যক প্ৰাৰ্থীও নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দলটোৰ একত্ৰীকৰণ হয় যদিও ইয়াৰ মাজতে বৰ্তমান দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ নেতৃত্বত পুনৰ এক বিভাজন ঘটি জন্ম হয় তৃণমূল গণ পৰিষদৰ। ইয়াৰ পৰৱৰ্তী কালটো খোদ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বতে গঠন হয় অগপ (প্ৰগতিশীল)ৰ। এইবাৰ বিজেপিৰ সৈতে মিত্ৰতাক লৈ ক্ষুব্ধ হৈ উঠা নেতা কৰ্মীৰ সহযোগত চতুৰ্থ বাৰলৈ অগপ বিভাজিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ'ৰ পূৰ্বৰ এক প্ৰতিবেদনত নিৰ্বাচনৰ আগে আগে অগপত উলম্ব বিভাজন ঘটাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰা হৈছিল। এনে সম্ভাৱনা এতিয়া স্পষ্ট হৈ পৰিছে।

বিভাজন তীব্ৰতৰ হৈ নুঠিলেও একাংশ নেতা কৰ্মীয়ে নতুন এক দল গঠনৰ প্ৰস্তুতিও আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত পূৰ্বেই অগপৰ পৰা ওলাই যোৱা একাংশ নেতাৰ লগতে জাতীয়তাবাদী চিন্তাধাৰাৰ আন একাংশ লোকো আছিল। তেখেতসকলৰ বক্তব্য হ'ল যিকোনো প্ৰকাৰেৰে জাতীয়তাবাদক ৰক্ষা কৰিব লাগিব। যিকোনো প্ৰকাৰেৰে আঞ্চলিকতাবাদী শক্তিৰ বিভাজন ৰোধ কৰি অগপৰ সংস্কাৰ সাধন কৰিব লাগিব। শুকুৰবাৰে গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত অগপৰ বৰ্তমান আৰু প্ৰাক্তন সদস্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আন্দোলনত ৰাজপথলৈ নমা আৰু পূৰ্বৰে পৰা জাতীয়তাবাদী শিৱিৰৰ সৈতে সম্পৰ্ক ৰখা একাংশ লোকৰ ভাষ্যত এনে ইংগিতেই প্ৰকাশ পাই।

সংবাদমেলযোগে তেওঁলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে। অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ অসন্তুষ্ট নেতা কেইজনে আঞ্চলিকতাবাদী ৰাজনৈতিক নেতাসকলক অগপ ত্যাগ কৰাৰ বাবে আহ্বান জনাই। সংবাদমেলখনত তেওঁলোকে বিজেপি চৰকাৰে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ভেঁটিত আঘাট হানিছে বুলিও মন্তব্য কৰে। তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মৌলিক বিষয় সমূহৰ ওপৰত বিজেপিয়ে গুৰুত্ব দিব বিচৰা নাই, অসম আন্দোলনকো বিজেপিয়ে গুৰুত্ব দিয়া নাই আৰু ইয়াৰ লগতে বিজেপিয়ে নস্যাৎ কৰিছে অসম চুক্তিক।

অসম গণ পৰিষদে ৮৫৫ জন শ্বহীদৰ কথা পাহৰিলে বুলি সংবাদমেলত অভিযোগ তুলি মন্তব্য কৰে যে, অগপৰ কেইগৰাকীমান নেতাই আমবাৰীৰ কাৰ্যালয়টো কুক্ষিগত কৰি ৰাখি অসমত যাতে শক্তিশালীভাৱে আঞ্চলিকতাবাদী শিৱিৰ থিয় হ'ব নোৱাৰে  তাৰ বাবে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in