সংসদৰ যুটীয়া অধিবেশনত সম্বোধন ৰাষ্ট্ৰপতিৰ…VIDEO

সংসদৰ যুটীয়া অধিবেশনত সম্বোধন ৰাষ্ট্ৰপতিৰ…VIDEO

ডিজিটেল ডেস্কঃ ১৭ সংখ্যক লোকসভা গঠন হোৱাৰ পাছত সংসদৰ যুটীয়া অধিবেশনত সম্বোধন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। পুৱাই ৰাষ্ট্ৰপতি কোৱিন্দক অশ্বাৰোহী দলে ৰাষ্ট্ৰপতি ভৱনৰ পৰা লোকসভালৈ আদৰি আনে।

সংসদ ভৱনত উপস্থিত হোৱাৰ পাছত ৰামনাথ কোৱিন্দক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে লোকসভাৰ অধ্যক্ষই। তাৰ পাছতেই উচ্চ সদন আৰু নিম্ন সদনৰ সাংসদ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি কোৱিন্দে।

দুই সদনৰ সাংসদ সকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লোকসভা নিৰ্বাচিত সাংসদ সকলক প্ৰথমে অভিনন্দন জ্ঞাপন কৰে। এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ভোটাৰসকলকো অভিনন্দন জনায় তেওঁ। নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰো শলাগ লয় তেওঁ। এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তেওঁ নিৰাপত্তাৰক্ষী সংস্থা সমূহৰ সেৱাৰ কথাও ভাষণত উল্লেখ কৰে।

ৰাষ্ট্ৰপতি কোৱিন্দে ভাষণত কয়- ৩ দশকৰ পাছত দেশে সংখ্যাগৰিষ্ঠ চৰকাৰ লাভ কৰিছে। তেওঁ এই নিৰ্বাচনৰ ফলাফলক বিকাশ যাত্ৰাৰ বাবে দিয়া জনাদেশ বুলি উল্লেখ কৰে। তেওঁ আশা ব্যক্ত কৰে এই চৰকাৰে সকলোকে সমৃদ্ধ কৰিব। ৰাষ্ট্ৰপতি কোৱিন্দে কয়, 'আমাৰ চৰকাৰৰ লক্ষ্য বিকাশ। সৱকা চাথ সৱক বিকাশ আৰু সকলোৰে বিশ্বাসৰ ওপৰত আধাৰিত এই চৰকাৰ।'

নাৰী সন্দৰ্ভত ৰাষ্ট্ৰপতি কোৱিন্দে নাৰীক সমাজ আৰু অৰ্থ ব্যৱস্থাৰ সবল ৰূপত অংশীদাৰ হ'বলৈ আহ্বান জনায়। তেওঁ কয়- চৰকাৰে এইটো নিশ্চিত কৰিব লাগিব যে, কেৱল বিকাশ হ'লেই নহ'ব, মহিলাৰ নেতৃত্বৰো বিকাশ হ'ব লাগিব। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কেও তেওঁৰ ভাষণত স্থান পায়।

ভৱিষ্যৎ প্ৰজন্মৰ বাবে জল সংৰক্ষণৰ ব্যৱস্থা কৰাতো তেওঁ গুৰুত্ব দিয়ে। তেওঁ উল্লেখ কৰে যে চৰকাৰে সেয়ে নতুনকৈ জল শক্তি গঠনৰ বাবে সিদ্ধান্ত লৈছে। কৃষকৰ বাবে পেঞ্চন যোজনা, তিনি তালাক বিষয়ো সামৰি লয় ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত।

দেশৰ ৫০ কোটি লোকৰ স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আয়ুস্মান ভাৰত যোজনা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ স্বাস্থ্য যোজনা বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এনে এক যোজনা হাতত লোৱা চৰকাৰৰো প্ৰশংসা কৰে। কৃষি ক্ষেত্ৰত চৰকাৰে সংস্কাৰমূলক বহু ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কয়, 'এই চৰকাৰ এক মজবুত, সুৰক্ষিত ভাৰত গঢ়াৰ দিশত আগবাঢ়িছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in