স্বাধীনতা দিৱসৰ পূৰ্ব দেশবাসীক সম্বোধন কৰি কি ক’লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে…

স্বাধীনতা দিৱসৰ পূৰ্ব দেশবাসীক সম্বোধন কৰি কি ক’লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাধীনতা দিৱসৰ পূৰ্বে সম্বোধন কৰে দেশবাসীক। ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ নাগৰিকসকলক উদ্দেশ্যি কয়- ৭১তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে মই সকলোকে শুভেচ্ছা জনাইছো। দেশৰ লগতে বিদেশত থকা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে কাইলৈৰ দিনটো বহু সুখৰ দিন। আৰু লগতে মই আশা কৰিছো যে, জম্মু-কাশ্মীৰ আৰু লাডাখত শেহতীয়াকৈ হোৱা পৰিৱৰ্তনে কেন্দ্ৰীয় শাসিত প্ৰদেশ দুখনৰ নাগৰিকক লাভৱান্বিত কৰিব।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লগতে কয়- 'গান্ধীজীৰ মাৰ্গ দৰ্শন আজিও সমানে গুৰুত্বপূৰ্ণ। তেওঁ বৰ্তমানৰ সময়ত দেশে সন্মুখীন হোৱা সমস্যাবোৰৰ অনুমান  সেই সময়তে কৰিছিল। গান্ধীজীয়ে মানিছিল যে, প্ৰকৃতি আৰু সামগ্ৰীবোৰৰ ব্যৱহাৰ বিবেকেৰে কৰিব লাগে, যাতে দেশৰ বিকাশ হয় আৰু প্ৰকৃতিৰ ওপৰত যেন কোনো কু-প্ৰভাৱ নপৰে।'

'সৰ্বসাধাৰণ ৰাইজৰ আশা-আকাংক্ষাবোৰপূৰণ কৰাত আপোনালোকে যি সহযোগিতা আগবঢ়াইছে, তাৰবাবে ধন্যবাদ জনাইছো। এনে পৰিৱেশতদেশৰ আৰু অধিক উন্নতি হ'ব। চৰকাৰে প্ৰদান কৰা সকলো সুবিধা উপভোগ কৰিবলৈ দেশৰনাগৰিকসকল অধিক সক্ৰিয় আৰু সচেতন হ'ব লাগিব।'- দেশবাসীক উদ্দেশ্যি এই মন্তব্য কৰেৰাষ্ট্ৰপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in