নৱবৰ্ষৰ পহিলা দিনটোত কি ক’লে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…VIDEO

নৱবৰ্ষৰ পহিলা দিনটোত কি ক’লে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…VIDEO

ডিজিটেল ডেস্কঃ সমূহ দেশবাসীক নৱবৰ্ষৰ ওলগ যাচিলে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। নতুন বছৰটোৰ পহিলা দিনটোতে টুইটাৰযোগে দেশবাসীক সম্বোধি ৰাষ্ট্ৰপতিগৰাকীয়ে লিখে- সকলোলৈকে নৱবৰ্ষৰ অলেখ শুভকামনা। এটা নতুন বৰ্ষৰ প্ৰাৰম্ভণিতে আমি সকলোৱে এখন মজবুত আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব। সকলোৱে একেলগে এখন নতুন ভাৰত গঢ়া দিশে আগুৱাব লাগিব।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰ যোগেই বুধবাৰে পুৱা দেশবাসীক জনালে নৱবৰ্ষ শুভকামনা। তেওঁ টুইটাৰত লিখে- ২০২০ বৰ্ষটো যেন সুকলমে পাৰ হয়। সকলোৰে জীৱন সুখ-সমৃদ্ধিৰে ভৰপূৰ হয়। দেশবাসীৰ সকলো আকাংশা পূৰণ হোৱাৰ লগতে সুস্বাস্থ্য কামনাৰে নৱবৰ্ষৰ অলেখ শুভকামনা।

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়েও টুইটাৰযোগেই সকলোকে জনালে নৱবৰ্ষৰ শুভেচ্ছা। তেওঁৰ অফিচিয়েল টুইটাৰত দেশবাসীক উদ্দ্যেশি লিখে- নতুন বছৰৰ সকলোলৈ শুভকামনা। নতুন বছৰটো আপোনালোকৰ বাবে সুখময় হওক। তাৰে কামনা কৰি স্বাগতম ২০২০। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও টুইটাৰ যোগে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি লিখিলে- আপোনালোক সকলোলৈ নৱবৰ্ষৰ বহুত বহুত শুভকামনা।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ছ'চিয়েল মিডিয়াযোগেৰেই দেশ তথা ৰাজ্যবাসীক জনালে নতুন বছৰৰ শুভেচ্ছা। তেওঁ এক ভিডিঅৰ জৰিয়তে কয়- সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে পৰিপূৰ্ণ এখন সমাজ গঢ় দিওঁ।

https://www.facebook.com/SarbanandaSonowal/videos/698445210680580/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in