দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক প্ৰেৰণা বঁটা প্ৰদান…

দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক প্ৰেৰণা বঁটা প্ৰদান…

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আগবঢ়োৱা প্ৰেৰনা বঁটা প্ৰদান কৰে গুমৰীয়া পথাৰ উচ্চ বিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক । বঁটা স্বৰূপে ছাত্ৰী গৰাকীক এটি স্মাৰ্ট টিভি আৰু মানপত্ৰ প্ৰদান কৰা হয় ।

এই গৰাকী দিব্যাংগ ছাত্ৰই বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে হিন্দী বিষয়ত লেটাৰ পাইছিল । আনহাতে দিব্যাংগ শিশু আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ শিক্ষক ভাস্কৰ শৰ্মাক জিলা উপায়ুক্ত গৰাকীয়ে প্ৰেৰনা বঁটা প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in