যদি কোৰোনাত আক্ৰান্ত হয় ক’লৈ যাব? গুৱাহাটীৰ কোন হাস্পতালত আছে কি ব্যৱ্স্থা, পঢ়ক সবিশেষ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে কোৰোনাই এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিকিৎসক, আৰক্ষী, সংবাদ কৰ্মী, ভিভিআইপিৰ নিৰাপত্তাৰক্ষীৰ লগতে ইজনৰ পাছত সিজন লোক কোৰোনাত আক্ৰান্ত হোৱা খবৰ আহিছে। এনে পৰিস্থিতিত ৰাজ্যত ১০খন জিলাই ইতিমধ্যে গুৱাহাটীৰ সৈতে সম্পৰ্ক ছেদ কৰিছে।

এক অৰ্থত এলাগী হৈ পৰিছে গুৱাহাটী। বিশ্বনাথ চাৰিআলিত উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ৫জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতাৰ দেহলৈও বিয়পিছে কোভিড-১৯।

গুৱাহাটী মহানগৰীত ১৪ দিনৰ লকডাউন দিয়া হৈছিল যদিও, আন আন অঞ্চলবোৰলৈ কোভিড ভয়াৱহ ৰূপত সংক্ৰমণ হোৱাৰ পাছত কি হ'ব ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ? এতিয়া গুৱাহাটীবাসীৰ মনত প্ৰশ্ন উদয় হৈছে যোৱা ৬-৭ টা দিনত ৩ সহস্ৰাধিক লোকৰ কোভিড সংক্ৰমণ হোৱাৰ পাছত গুৱাহাটীত আকৌ লকডাউন বৃদ্ধি হ'ব নেকি?

অতি শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। তেনে পৰিপ্ৰেক্ষিতত খোদ গুৱাহাটী মহানগৰীৰ চিকিৎসালয়তে কোভিড-১৯ ৰোগী চিকিৎসাৰ বাবে ভর্তি কৰিবলৈ এক প্ৰকাৰৰ ঠাইৰ অভাৱ হৈছে।

আনহাতে, এই সময়চোৱাত চিকিৎসক সকলক লৈ চৰকাৰে দিয়া নতুন নিৰ্দেশনাক লৈও চিকিৎসকসকলৰ মাজতেই অসন্তুষ্টিৰ সৃষ্টি হৈছে। ১ জুলাইত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চিকিৎসালয়ত কোৰোনা ৰোগীৰ বাবে ঠাই নোহোৱাৰ কথা স্বীকাৰ কৰি নাৰ্ছিং হোম সমূহত কোৰোনা ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱস্থা কৰাৰ আহ্বান জনাইছিল।

অসমীয়া প্ৰতিদিনৰ হাতত পৰা তথ্য অনুসৰি কেইবাখনো নাৰ্ছিং হোমে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছিল। গুৱাহাটী মহানগৰীৰ কেইখনমান নাৰ্ছিং হোমৰ সৈতে যোগাযোগ কৰিছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে। ৭ জুলাইলৈকে লাভ কৰা তথ্য অনুসৰি, গুৱাহাটীৰ কোন ব্যক্তিগত নাৰ্ছিং হোমে কোৰোনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ সবিশেষ এনে ধৰণৰ-

হায়াট হাস্পতালঃ

মহানগৰীৰ অন্যতম এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম তথা চিকিৎসালয় হায়াট। এই চিকিৎসালয়খনত কোৰোনা ৰোগীৰ বাবে আছে ২২খন বিচনা। আমাৰৰ হাতত পৰা তথ্য অনুসৰি ২২খন বিচনাতে আছে কোৰোনা ৰোগী। অৰ্থাৎ কোৰোনা ৰোগীৰেই ভৰ্তি হৈ আছে এইখন চিকিৎসালয়। আনকি এই চিকিৎসালয়ে কোভিড-১৯ত আক্ৰান্ত এজন চিকিৎসককো শেহতীয়াকৈ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাৰ বাবে বিচনা দিব পৰা নাছিল।

আয়ুৰ্চন্দ্ৰা ছুপাৰ স্পেচিয়েলিটীঃ

গুৱাহাটীৰ আয়ুৰ্চন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী নামৰ ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনে ২০খন বিচনা সাজু কৰিছে কোভিডৰ বাবে। ইয়াৰে ১৫খনত আছে কোভিড ৰোগী। আনহাতে, এই চিকিৎসালয়খনৰ এটা অংশ সম্পূৰ্ণ কৈ কোভিড ৰোগী ৰখাৰ বাবে ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰিলে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

নেমকেয়াৰ হাস্পতালঃ

নেমকেয়াৰ হাস্পতাল নতুন আৰু পুৰণি দুয়োখন হাস্পতালতে মুঠ ১৬খন বিচনা ৰখা হৈছে কোৰোনা ৰোগীৰ বাবে। ইয়াৰে দুখন বিচনা কোভিডত গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীৰ বাবে। অৰ্থাৎ দুখন আইচিইউ বিচনাক ধৰি ১৬খন বিচনা আছে কোৰোনাৰোগীৰ বাবে। ৭ জুলাইৰ লৈকে এই হাস্পতালত ১০জন ৰোগী ভৰ্তি হৈছে।

এপ'ল হাস্পতালঃ

পূৰ্বৰ ইন্টাৰনেশ্যনেল হাস্পতাল আৰু বৰ্তমান এপ'ল' বুলি খ্যাত হাস্পতালখনত আছে ১১খন কোভিড ৰোগীৰ বাবে বিচনা। ৭ জুলাইৰ তথ্য অনুসৰি ইয়াৰে ১১খন বিচনাতে ভৰ্তি হৈ আছে ৰোগী।  য'ত তিনিখন আই চি ইউ আৰু ১খন ভেন্টিলেটৰ বিচনা আছে।

হেলথ চিটী হাস্পতালঃ

হেলথ চিটী হাস্পতালত মুঠ ৬খন বিচনা কোৰোনা ৰোগীৰ বাবে সাজু কৰা হৈছে। অত্যন্ত ব্যয়বহুল এই হাস্পতালখনত তিনি জন ৰোগী ভৰ্তি হৈ আছে বুলি জনালে হাস্পতালত কৰ্তৃপক্ষই।

ইফালে জিএনআৰচি কৰ্তৃপক্ষই তেওঁলোকৰ চিকিৎসালয়ত ১৪জন ৰোগীক ইতিমধ্যে কোৰোনা চিকিৎসাৰ বাবে ভৰ্তি কৰাইছে। ইয়াৰে এজন ৰোগী ৯ জুলাই অৰ্থাৎ বৃহস্পতিবাৰে আৰোগ্য হোৱাৰ পাছত তেওঁক ঘৰলৈ যাব দিয়া হৈছে।

জি এন আৰ চিঃ

ইয়াৰোপৰি জিএনআৰচি কৰ্তৃপক্ষই কোৰোনাত আক্ৰান্ত ৭৫জন ৰোগীক চিকিৎসা কৰিব পৰাকৈ ব্যৱস্থা কৰিছে। গুড হেলথ হস্পাতালত যুদ্ধকালীন ক্ষীপ্ৰতাৰে সাজু কৰি তুলিছে।

ডাউন টাউন হাস্পতাল

ডাউন টাউন হাস্পতাল কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য দিব নোৱাৰিলে যদিও, তেওঁলোকৰ জন সম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে কোভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে তেওঁলোকে আন্তঃগাঁথনি সবল কৰিছে আৰু অচিৰেই ৰোগীসকলক চিকিৎসা কৰিব পৰা যাব বুলি জানিবলৈ দিছে। গুৱাহাটীৰ মহানগৰীত ব্যক্তিগত খণ্ডৰ হাস্পতালেও কোৰোনাৰ বিৰুদ্ধে এই যুঁজৰ বাবে সাজু হৈছে। চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ হাস্পতালত এতিয়া ভিৰ কৰিছে ৰোগীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in