শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

পি এণ্ড আৰ ডি নিযুক্তিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছেঃ অখিল গগৈ, VIDEO

গুৱাহাটীস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

645
  • সোমবাৰে দিনৰ ১২বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।
  • কে এম এছ এছৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কার্যালয়ত এই সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে।
  • পি এণ্ড আৰ ডি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এই সংবাদমেল।

  • সংবাদমেলত অখিল গগৈয়ে কয়-
  • ‘পি এণ্ড আৰ ডিৰ অ’ এম আৰ শ্বীটখন অন্য মানুহৰ হাতলৈ আহিব পাৰে কেনেকৈ?’
  • ‘ইয়াৰ অৰ্থ হ’ল এই অ’ এম আৰ শ্বীটৰ এখন ডাঙৰ বজাৰ হৈছিল।’
  • ‘এই অ এম আৰ শ্বীট দিয়া যিবোৰে লিখিব নোৱাৰিলে, তেওঁলোকক আকৌ এই শ্বীট দি টিক মাৰ্ক মাৰিবলৈ সুযোগ দি দিয়া হৈছিল।’
  • ‘আৰু তেনেকুৱা এখন অ এম আৰ শ্বীট আজি আমাৰ হাতত আহি পৰিছেহি।’
  • ‘এজন কেণ্ডিডেটৰ হাতত অ এম আৰ শ্বীট এক্সট্ৰাকৈ থাকিব যাব নোৱাৰে।’
  • ‘কোনো পৰীক্ষাৰ্থীয়ে এনেকুৱা উত্তৰবহী কেতিয়াও লৈ যাব নোৱাৰে।’
  • ‘পি এন আৰ ডি পৰীক্ষা পৰিচালনাৰ বাবে যিসকলে প্ৰথমে আহ্বান কৰিছিলে, তেওঁলোকে আমাক জনাইছে যে পি এন আৰ ডিৰ পৰীক্ষাৰ্থীক অ এম আৰ শ্বীটৰ লগত এখন কাৰ্বন কপী দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে।’
  • ‘যাতে পৰীক্ষাৰ্থীৰ উত্তৰবহীত কোনোবাই কিবা ভুল কৰিলে তেওঁ সেই কাৰ্বনকপীৰ জৰিয়তে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে তেওঁৰ হাতত এখন প্ৰমাণ থাকি যায়।’
  • ‘মই জনা মতে, পি এন আৰ ডি মন্ত্ৰী নৱ কুমাৰ দলেয়ে উত্তৰবহীৰ পিছফালে কোনো কাৰ্বন কপী দিব নালাগে বুলি নিৰ্দেশ প্ৰদান কৰিছিল।’
  • সংবাদমেলত কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে-
  • ‘খৰ্গেশ্বৰ পেগু, এডিশ্যনেল কমিছনাৰ। তেওঁৰ কাৰ্যালয়ত, তেওঁৰ নেতৃত্বত এই দুষ্কাৰ্য সংঘটিত হৈছিল।’
  • ‘খৰ্গেশ্বৰ পেগুৱে নৱ কুমাৰ দলেৰ এজেন্ট ৰূপে এই কামবোৰ সমাধান কৰিছিল।’
  • ‘তেওঁৰ লগত এই কাৰ্যত জড়িত হৈ আছিলে এছ এ লস্কৰ, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপ্টমেন্টৰ যুটীয়া সচিব।’
  • ‘তেওঁ এই কাণ্ডৰে জড়িত থকাৰ তথ্য আমাৰ হাতত আছে।’
  • ‘এই কাণ্ডৰ সৈতে আৰু জড়িত আছিল মিষ্টাৰ বাহাৰুল ইছলাম ভূঞা। তেওঁ পঞ্চায়ত-গ্ৰমোন্নয়ন বিভাগৰ ছিনিয়ৰ এছিচটেন্ট তথা ডিলিং এছিচটেন্ট।’
  • ‘উত্তৰবহীখন বদলি কৰা হৈছিল ৩,৪ আৰু ৫ মাৰ্চত।’
  • ‘আমি পোৱা খবৰ অনুসৰি, কে কে পেগুৰ কাৰ্যালয়তে এই অদল-বদলবোৰ কৰা হৈছিল।’
  • ‘এই কাৰ্যৰ সৈতে মুলতঃ তিনিজন লোক জড়িত হৈ আছে। খৰ্গেশ্বৰ পেগু, এছ এ লক্সৰ আৰু বাহাৰুল ইছলাম ভূঞা।’
  • ‘পি এণ্ড আৰ ডিত মুঠ পদপি আছিলে ৭৬টা।’
  • ‘আৰু ইয়াৰে ৫৫টা পদপিয়ে বিজেপিয়ে নিযুক্তি দিছে।’
  • ‘ছিনিয়ৰ এছিচটেন্ট, পি আৰ আইৰ মুঠ পদ আছিলে ৯৫টা। তাৰ ভিতৰত ৬৪টাতে বিজেপি দলৰ তালিকাৰ পৰা নিযুক্তি প্ৰদান কৰা হৈছে।’
  • ‘জুনিয়ৰ এছিচটেন্ট, হেডকোৱাৰ্টাৰৰ মুঠ পোষ্ট আছিলে ২২টা। আৰু ইয়াৰে ২১টাই বিজেপিয়ে নিযুক্তি দিছে।’
  • ‘এখন তালিকা তুলি দিছো। য’ত কোনটো পদপিত কিমানটা মানুহে বিজেপিৰ পৰা চাকৰি পাইছে।’
  • ‘এই তালিকাখন তালিকা তৈয়াৰ কৰা লোকৰ হাতৰ পৰা আমাৰ হাতলৈ আহিছে।’
  • ‘মোৰ হাতত এখন তালিকা আহি পৰিছে।’
  • ‘এই তালিকাত চৰকাৰৰ ফালৰ পৰা চাকৰি পোৱা আটাইকেইজন মানুহৰ নামত দাগ দিয়া আছে।’

 

  • ‘৩, ৪ আৰু ৫ মাৰ্চৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যি চিচি টিভি ফুটেজ আছে, সেয়া সম্পূৰ্ণ সংগ্ৰহ কৰক।’
  • ‘এই দিনকেইটাৰ চিচি টিভি ফুটেজ নাই বুলি যাতে নকয়, তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো।’
  • ‘আমি দাবী উত্থাপন কৰিছো যে, অ এম আৰ শ্বীট থকা গুডামটো যাতে ছীল কৰি দিয়া হয় আৰু জব্দ কৰা হয়।’
  • ‘চৰকাৰে জনাইছে যে তদন্ত কমিটী গঠন কৰিছে বুলি কৈছে। আমি জানো যে এয়া দুই নম্বৰী তদন্ত কমিটী। ইয়াৰ কোনো ফলাফল নাহে।’

 

  • ‘নিজৰ মানুহক নিযুক্তি প্ৰদান কৰি এই নিযুক্তি প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে কেলংকাৰীত পৰিণত কৰিলে।’
  • ‘আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছো।’

 

  • ‘চৰকাৰৰ এই তদন্ত কমিটী কেৱল বিষয়টো গাপ দিবলৈ গঠন কৰা হৈছে।’
  • ‘আমি এই তদন্ত কমিটীৰ লগত কোনো যোগাযোগ নকৰো।’
  • ‘আমি প্ৰত্যাহ্বান জনাইছো এডিশ্যনেল চিফ ছেক্ৰেটাৰী জিষ্ণু বৰুৱাক। যদি সাহস আছে আমাক নিমন্ত্ৰণ কৰক, আমাৰ পৰা তথ্যসমূহ লওঁক আৰু তদন্ত কৰিম বুলি প্ৰতিলিপি দিয়ক।’

 

  • ‘তেওঁলোকৰ সম্পূৰ্ণ তথ্য, সম্পূৰ্ণ জালিয়াতি আমাৰ হাতত আহি পৰিছে।’
  • ‘গ্ৰুম ইলেক্ট্ৰনিকছ প্ৰাইভেল লিমিটেডে কেনেদৰে এই পৰীক্ষাতো ২ নম্বৰী কৰিছে, পৰৱৰ্তী সময়ত তাৰ সন্দৰ্ভতো মই তথ্য তুলি ধৰিম।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি