দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত প্ৰজ্ঞামুখী চেতনাৰে প্ৰয়াস টিউশ্যন ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানৰ উদ্বোধন

দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত প্ৰজ্ঞামুখী চেতনাৰে প্ৰয়াস টিউশ্যন ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানৰ উদ্বোধন

ডিজিটেল সংবাদ, দেৰগাওঁঃ গোলাঘাট দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত শুভ উদ্ধোধন কৰা হয় প্ৰয়াস টিউচন ইন্সটিটিউট নামেৰে এক জ্ঞান বিকাশ কেন্দ্ৰ৷ প্ৰতিষ্ঠিত যুৱ কবি তথা সংবাদকৰ্মী সমীৰ ভূষণ বৰা আৰু ৰাজেশ দাসৰ মুখ্য পৰিচালন সঞ্চালনাত আৰম্ভ কৰা প্ৰয়াসৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বলিন বৰাই৷

অনুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অঞ্চলটোৰ প্ৰাতঃ স্মৰণীয় মুখাশিল্পী কানুৰাম বৰা বায়নে। মূলতঃ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, কৌশল বিকাশ আৰু আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ শিক্ষাৰ্থী সমাজক সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানখনৰ উদ্বোধনী অনুষ্ঠানত সমল ব্যক্তি তথা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা।

দেৰগাঁও উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ বৰাই ফিটা কাটি দ্বাৰ উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত মদ মুক্ত দাবী সমিতি, অসমৰ সভাপতি প্ৰবীন দাস, গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰি, সদৌ মিচিং ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰসেন লইং, যুৱ কবি ৰণোজ বড়ি, সংবাদ কৰ্মী বিদ্বান বৰদলৈ, পশ্চিম ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সভাপতি পদ্মধৰ বৰা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in