এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা

এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে এইবাৰ সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক তীৰ্থ যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। মঙলবাৰে বাৰানসীত অনুষ্ঠিত প্ৰৱাসী ভাৰতীয় সন্মিলনত উপস্থিত থাকি এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ সন্মিলনত ৰাজীৱ গান্ধীৰ নাম নোলোৱাকৈয়ে তীক্ষ্ন সমালোচনা কৰা পৰিলক্ষিত হয়।

বিশ্বৰ প্ৰায় ৫০ খন দেশত বাস কৰা প্ৰৱাসী ভাৰতীয়ই অংশ লোৱা সন্মিলনখনত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দেশৰ বিকাশ আৰু উন্নয়নৰ লগে লগে প্ৰৱাসী ভাৰতীয় সকলৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱ বৃদ্ধি কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে এক তীৰ্থ যাত্ৰাৰ আঁচনি ৰূপয়ান কৰাৰ ইতিমধ্যে যো-জা চলাইছে। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰৱাসী ভাৰতীয়সকলক দেশৰ লগতে বিশ্বৰ ভিন্ন অঞ্চলত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰাৰ সুবিধা প্ৰদান কৰা হ'ব।

আনহাতে দেশৰ পৰ্যটন ক্ষেত্ৰত বিকাশৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে যদি প্ৰতিজন প্ৰৱাসী ভাৰতীয়ই অন্ততঃ ৫ টা বিদেশী পৰিয়ালক ভাৰত ভ্ৰমণ কৰাব পাৰে, তেন্তে দেশৰ পৰ্যটন ক্ষেত্ৰৰ লগতে আৰ্থ-সামাজিক দিশৰো উন্নয়ন ঘটিব। ইফালে প্ৰৱাসী ভাৰতীয়ৰ সন্মুখতে মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম উল্লেখ নকৰাকৈয়ে তীক্ষ্ন সমালোচনা কৰে। তেওঁ কয়, 'তেওঁ (ৰাজীৱ গান্ধী) কৈছিল যে দেশৰ চৰকাৰী ধনৰ ৮৫ শতাংশই অপব্যৱহাৰ কৰা হৈছে। কিন্তু তেওঁ সেয়া প্ৰতিৰোধ কৰা নাছিল। তেওঁৰ কাৰ্যকালত বৰং তেওঁ সেয়া বৃদ্ধি হে কৰিছিল। কিন্তু আমি এটা টকাও অপব্যৱহাৰ হ'বলৈ দিয়া নাই। আমি টেক্নলজিৰ ব্যৱহাৰ কৰি চৰকাৰী ধনৰ উচিত ব্যৱহাৰ কৰিছো।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰৱাসী ভাৰতীয় সকলৰ সুবিধাৰ্থে পাৰপত্ৰ, ভিছা আদিৰ সুবিধা সকল কৰা বুলিও মন্তব্য কৰে। লগতে ই-পাছপৰ্ট ব্যৱস্থাৰে যাত্ৰীক সকাহ দিয়াৰ বাবে চৰকাৰে আলোচনা চলাই থকা বুলিও জানিবলৈ দিয়ে নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্য যে, বাৰানসীত অনুষ্ঠিত প্ৰৱাসী ভাৰতীয় সন্মিলনৰ সামৰণিৰ দিনা অৰ্থাৎ বুধবাৰৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in