‘প্ৰতিদিন টাইম’ৰ সম্প্ৰচাৰত বাধা! আন্ধাৰ হৈ যায় টিভিৰ পৰ্দা…

‘প্ৰতিদিন টাইম’ৰ সম্প্ৰচাৰত বাধা! আন্ধাৰ হৈ যায় টিভিৰ পৰ্দা…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছতে অগ্নিগৰ্ভ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। শাসকীয় অগপ-বিজেপিৰ স্থিতিৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সুস্পষ্ট ছবি অসম তথা দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবেই শাসকীয় পক্ষৰ দ্বাৰা পৰিচালিত কোনো শক্তিয়ে যেন লক্ষ্য কৰি লৈছে অন্য দুই এক চেনেলৰ লগতে 'প্ৰতিদিন টাইম'কো।

যোৱা দুটা দিনত 'প্ৰতিদিন টাইম'ৰ সম্প্ৰচাৰত বিভিন্ন প্ৰকাৰে বাধাৰ সৃষ্টি কৰা হৈছে। বিশেষকৈ প্ৰাইম টাইম বাতৰি পৰিবেশনৰ সময়ত যোৱা দুদিনত 'প্ৰতিদিন টাইম'ৰ চেনেল খোলাৰ লগে লগে ডাউন লিংকৰ দুৰ্বল চিগনেলৰ বাবে টিভিৰ পৰ্দা অনুজ্জ্বল হৈ যোৱাৰ লগতে সম্প্ৰচাৰ হৈ থকা দৃশ্যসমূহ ফ্ৰীজ হৈ যায়।

বিশেষকৈ টাটা স্কাই, এয়াৰটেল, ডিছ টিভি আদি সংযুক্ত টিভিবোৰত অদৃশ্য শক্তিৰ দ্বাৰা সঘনাই সৃষ্টি কৰা এনে বিসংগতিৰ জৰিয়তে যাতে 'প্ৰতিদিন টাইম'ৰ সম্প্ৰচাৰৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু চেনেলটোৰ জনপ্ৰিয়তা হ্ৰাস কৰিব পাৰি সেইবাবেই শাসকীয় আশীষপুষ্ট কোনো অপশক্তিয়ে এনে কৰা বুলি দৰ্শক, শ্ৰোতাইয়ো সন্দেহ কৰিছে।

কিয়নো একে সময়চোৱাতে এচিচি সংযুক্ত টিভিত এনে বিসংগতি পৰিলক্ষিত হোৱা নাই। নিয়মীয়াভাৱে উক্ত চেনেল চোৱা বহু দৰ্শকে কাৰ্যালয়লৈ ফোন কৰিও এনে আশংকা ব্যক্ত কৰাৰ লগতে ক্ষমতাবান শক্তিয়ে একেই পদ্ধতি অৱলম্বন কৰি চেনেলটোৱে তুলি ধৰা বাস্তৱৰ প্ৰকৃত ছবিখন ঢাকি ৰখাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও সন্দেহ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in