ডাংগল-২ঃ হঠাৎ আমিৰ খান প্ৰডাকশ্যনৰ পৰা ‘মহাৰাণী’লৈ আহিল ফোন…

ডাংগল-২ঃ হঠাৎ আমিৰ খান প্ৰডাকশ্যনৰ পৰা ‘মহাৰাণী’লৈ আহিল ফোন…

ডিজিটেল ডেস্কঃ হঠাৎ আমিৰ খানৰ কাৰ্যালয়ৰ পৰা ফোন আহিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ। ভ্ৰাম্যমানত ব্যস্ত থকা প্ৰস্তুতি পৰাশৰ সৈতে কথা পাতিলে বহু সময়।

জানিব পৰা মতে, আমিৰ খান এতিয়া ব্যস্ত 'ডাংগল-২'ৰ প্ৰাৰম্ভিক কাম-কাজত। এই সন্দৰ্ভতে অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ সৈতে কথা পাতিছিল আমিৰ খান প্ৰডাকশ্যনে।

সকলো মিলিলে 'ডাংগল-২'ত অভিনয় কৰিব পাৰে অসমৰ প্ৰস্তুতি পৰাশৰে। বৰ্তমান নলবাৰীত ভ্ৰাম্যমানৰ অভিনয়ত ব্যস্ত প্ৰস্তুতি পৰাশৰ। তাৰ মাজতে এই খবৰে প্ৰস্তুতিৰ গুণগ্ৰাহীসকলক আশাবাদী কৰি তুলিছে। অভিনেত্ৰীগৰাকীৰ এক ঘনিষ্টৰ সূত্ৰ অনুসৰি এতিয়াও কোনো কথা চূড়ান্ত হোৱা নাই।

হিমা, ৰীমা, বিনীতাৰ ধাৰাবাহিক সফলতাৰ পাছত বলিউডৰ পৰা এইদৰে প্ৰস্তুতি পৰাশৰলৈ আমিৰ খান প্ৰডাকচনৰ পৰা অহা ফোনে আশাবাদী কৰি তুলিছে ৰাজ্যবাসীক। উল্লেখযোগ্য যে, আমিৰ খানে পূৰ্বতে নিৰ্মাণ কৰা ডংগল ছবিখন মুক্তি পাইছিল ২০১৬চনৰ ২৩ ডিচেম্বৰত।

ছুপাৰ ডুপাৰ হীট হোৱা এই ছবিখনে ২১৬০ কোটি টকাৰ ব্যৱসায় কৰিছিল বক্স অফিচত। তাৰ ২ বছৰৰ পাছত এতিয়া চৰ্চাত আছে আমিৰ খানৰ ডংগল-২ ছবিখন। সেয়েহে মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ প্ৰডাকশ্যনৰ পৰা প্ৰস্তুতি পৰাশৰৰ সৈতে এই যোগাযোগে অভিনেত্ৰীগৰাকীক অভিনয়ৰ বাবে যোগাযোগ কৰাৰ ইংগিত বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা ৰাজহুৱা কৰা নাই প্ৰস্তুতি পৰাশৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in