মহানগৰীত এজন অসাধাৰণ অসমীয়া, দেখাত মগনীয়া!

মহানগৰীত এজন অসাধাৰণ অসমীয়া, দেখাত মগনীয়া!

মাজনিশা মহানগৰীৰ ৰাজপথত এজন অসাধাৰণ অসমীয়া। দেখাত তেওঁ মগনীয়া। কিন্তু প্ৰখ্যাত পৰিয়ালৰ অৱহেলিত সন্তান। সলসলীয়াকৈ তেওঁ ইংৰাজীত কৈ গ'ল- এন আৰ চি, হিমা আৰু ৰাজনীতিৰ কূটনীতিৰ কথা। পুৱতি নিশা এইজন সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিৰ সৈতে মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ সাক্ষাৎকাৰ।

তেওঁ আছিল আমাৰ আকস্মিক অতিথি! নিশা তেতিয়া ডেৰ বাজি গৈছিল। আমবাৰীৰ সৰু পানদোকানখন খোলাই আছিল। গাড়ীখনৰ কাষলৈ আহি তেওঁ হাতখন মেলি দিলে। ভোকত আছে, খাবলৈ টকা লাগে। গুৱাহাটীত সাধাৰণতে সন্মুখীন হোৱা অভিজ্ঞতা এয়া। মানুহজনৰ চুলিবোৰ পকিছে। দীঘল দাঢ়িকোছাই ঢাকি ৰাখিব পৰা নাই তেওঁৰ মুখত বিৰিঙি উঠা বয়সৰ চাপ। তেওঁৰ উজ্বল চকুযোৰ হঠাৎ জিলিকি গাড়ীৰ লাইটৰ পোহৰত। বৰ আৱেগ আৰু সৰলতাৰে মানুহজনে চাই হাতখন পাতিয়েই থাকিল। সাধাৰণতে এনেলোকক উপেক্ষা কৰা যায়। মাজনিশা মানুহজনক উপেক্ষা কৰিবলৈ বেয়া লাগিল। তেতিয়ালৈকে তেওঁ মোৰ বাবে এজন অপৰিচিত লোক। যাৰ পৰিচয় 'ভিক্ষাৰী'। জেপত থকা ২০টকীয়া নোটখন তেওঁৰ হাতত গুজি দিলো। খিৰিকিৰে হাতখন ভৰাই গালে-মূৰে তেওঁ চুই আশীৰ্বাদ দিলে। মানুহজনৰ ব্যক্তিত্বৰ প্ৰতি কিবা এটা মোহ অনুভৱ কৰিলো। গাড়ীৰ পৰা নামি মানুহজনৰ সৈতে কথা পাতিব বিচাৰিলো।

প্ৰথমতে এনেকৈয়ে হঠাৎ আৰম্ভ হৈছিল তেওঁৰ সৈতে বাৰ্তালাপ…
প্ৰথমতে এনেকৈয়ে হঠাৎ আৰম্ভ হৈছিল তেওঁৰ সৈতে বাৰ্তালাপ…

প্ৰথমে তেওঁ সহজ হ'ব পৰা নাছিল। কথাবোৰ তেওঁ খুলি ক'ব নিবিচাৰিছিল। তথাপিও আত্মীয়তাৰে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলো। তেওঁৰ নাম, ক'ত থাকে, আগতে কি কৰিছিল আৰু তেওঁৰ পৰিয়াল আছে নে নাই জানিব বিচাৰিছিলো।

লাহে লাহে মানুহজন সহজ হ'ল। কথাবোৰ খুলি ক'লে। সাধাৰণ বুলি ভবা এজন মানুহ তেওঁ নাছিল। কিন্তু সকলো কথা আমাৰ বিশ্বাস কৰিবলৈ টান লাগিল। তেওঁক সুধিলো- 'আপুনি এজন সুস্থ মানুহ। কাম কৰি নাখায় কিয়? সদায় লোকৰ ওচৰত কিয় হাত পাতে?' মানুহজনে এটা মিচিকিয়া হাঁহি মাৰিলে আৰু ক'লে- 'কাম পালে মই কৰিবলৈ সাজু।'

কি কাম কৰিব পাৰিব জানিব বিচাৰি তেওঁক সুধিছিলো- 'আপুনি কিমানলৈকে পঢ়িছিল?' তেওঁ উত্তৰ দিলে- ' প্ৰাগজ্যোতিষ কলেজৰ পৰা ৮০ দশকতেই লৈছিলো স্নাতক ডিগ্ৰী।' বিশ্বাস কৰিবলৈ কিছু টান পালো। সেয়েহে আন কেইটামান প্ৰশ্ন সুধিলো তেওঁক- কি কি বিষয় পঢ়িছিল তেওঁ? যেতিয়া তেওঁৰ মুখত অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ তত্ত্বসমূহ শুনিলো, মুখৰ মাত হেৰাই গ'ল। মানুহজনৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ'ল। তেওঁ ক'ত থাকে আমাক ক'লে। মহানগৰীৰ বাৰোৱাৰীৰ এক অভিজাত্য অঞ্চলত তেওঁৰ ঘৰ। মানুহজনৰ প্ৰতি বাঢ়ি যোৱা উৎসুকতাৰ বাবেই তেওঁক প্ৰস্তাৱ দিলো- 'আপোনাক আমি ঘৰত থৈ আহিম।' মানুহজন সন্মতি নহ'ল। ক'লে- এই নিশাখন কষ্ট কৰিব নালাগে তেওঁৰ বাবে।

মই সদায় এনেকৈয়ে ওলাই আহো। দুই-এটকা খুজি পালে, সেই টকাৰে কিবা এটা খাই ঘৰলৈ ওভতো। এতিয়া মই ঘৰলৈ নাযাওঁ। এই যে দোকানখনত পুৰণি গানবোৰ বাজি আছে, সেইবোৰ শুনি মই অলপ দেৰিকৈহে ঘৰ অভিমুখী হ'ম।- এইদৰে তেওঁ আমাক এৰা দিব খুজিলে। আমি তেওঁক এৰিব নিবিচাৰিলো। তেওঁৰ সৈতে কথা পতাৰ তীব্ৰ হেঁপাহ আৰু বাসনা আমাৰ জাগি উঠিল। তেওঁ যিমান সময় গান শুনে শুনক। গান শুনা শেষ হোৱাৰ পাছত তেওঁক আমি থৈ আহিম। আমাৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ নকৰিলে যদিও, আমি তেওঁৰ সৈতে ৰৈ গ'লো। মানুহজনে আমাক বাৰে বাৰে ক'লে- তোমালোক যোৱাগৈ। আমি চাৰিজন- ৰাজৰ্ষি, পলাশ, ডিম্পুল আৰু মই। হঠাৎ মানুহজনে ক'লে- 'বলা মোৰ ঘৰলৈ যাবা তোমালোক। এই মাজৰাতিখন তোমালোকে অসুবিধা পাবা।'

আমি গাড়ীত তেওঁক উঠিবলৈ ক'লো। তেওঁ ক'লে- 'তোমালোক আগবঢ়া মই খোজেৰে যাম।' আমিও তেওঁক জনালো, তেওঁৰ সৈতেই খোজকাঢ়ি যাম ঘৰলৈ। নিশা তেতিয়া গুৱাহাটী উজাগৰে নাছিল। শূন্য ৰাজপথ। দুই এঠাইত লাইটবোৰ জ্বলি আছিল যদিও, এক নিৰ্জন পৰিবেশ। আমি খোজ ল'লো তেওঁৰ সৈতে।

মাজনিশা তেওঁৰ ঘৰৰ দিশে আৰম্ভ কৰিছিলো যাত্ৰা…
মাজনিশা তেওঁৰ ঘৰৰ দিশে আৰম্ভ কৰিছিলো যাত্ৰা…

হাতত তেওঁৰ এটা বগা পলিথিনৰ বেগ। বেগটোত এটা ছাতি। আমি গৈ থাকোতেই তেওঁৰ সৈতে কথা পাতি গ'লো। ৰাজৰ্ষি, ডিম্পুলে সেই দৃশ্য অজ্ঞাতে বন্দী কৰিলে ম'বাইলত। ক'ব নোৱাৰাকৈয়ে হৈ গ'ল এটা সাক্ষাৎকাৰ। এজন অচিনাকি মানুহৰ সৈতে। কথাপাতি যিমানেই আগবাঢ়িছো, কথাবোৰ সিমানেই গভীৰৰ পৰা গভীৰলৈ গুচি গ'ল। হঠাৎ ৰাজপথত দেখা পালো এখন আৰক্ষীৰ বাহন। আমি কথা পাতি পাতি আগবাঢ়িলো। কোনেও আমাক একো নুসুধিলে। কিন্তু মানুহজনে মেলি দিলে নিজৰ জীৱনৰ অতীত। এইবোৰ তেওঁৰ সৈতে সেই সময়ত পতা কিছু কথাৰ দৃশ্যাংশ।

তেওঁ পঢ়িছিল মহানগৰীৰ ড'নবস্কত। ছেইণ্ট মেৰিজত আৰম্ভ কৰিছিল প্ৰাথমিক শিক্ষা। ইংৰাজী মাধ্যমত তেওঁ পঢ়া বুলি জনালে। লগতে ক'লে, দেউতাকৰ ঘৰ ডিব্ৰুগড়ত আছিল আৰু মাকৰ ঘৰ আছিল যোৰহাটত। বাৰোৱাৰীত তেওঁৰ নিজৰ ঘৰ। শিক্ষা গ্ৰহণ কৰিয়েই তেওঁ এটা চাকৰি কৰিছিল বান নিয়ন্ত্ৰণ বিভাগত।

কেৱল তেওঁৰ কথাই পতা হোৱা নাছিল। কথাৰ প্ৰসংগতেই গম পাইছিলো ইংৰাজী চিনেমা তেওঁৰ প্ৰিয়। সেই সময়ত তেওঁ কি কি চিনেমা চাইছিল, সুধিছিলো তেওঁক। তেওঁ ক'লে তেওঁৰ ভাল লগা ইংৰাজী চিনেমাবোৰৰ কথা। বিশ্বাস কৰিব নোৱাৰিব আপুনি। ইমান সাধাৰণভাৱে থকা মানুহ এজনৰ চিনেমাৰ ওপৰতো কি দখল! তলৰ ভিডিঅ'টোত থকা কথা বতৰাই তাৰ প্ৰমাণ। আমি কোনো প্ৰস্তুতি নোহোৱাকৈয়ে তেওঁৰ সৈতে কথা পাতিছিলো। আৰু অসম্পাদিত এই ভিডিঅ'বোৰ ম'বাইলৰ কেমেৰাৰে বন্দী কৰা হৈছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো তেওঁৰ খবৰ আছে। আমি জানিব বিচাৰিছিলো অমিত শ্বাহে এই বিধেয়কখন গৃহীত কৰিবই বুলি কোৱাৰ পাছত তেখেতৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে। ইংৰাজী মাধ্যমত অধ্যয়ন কৰাৰ বাবে তেখেতক অনুৰোধ কৰিছিলো এই কথাখিনি ইংৰাজীতে ক'বলৈ। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰিলে আৰু কি ক'লে তলৰ ভিডিঅ' দুটাত তেখেতৰ মন্তব্য-

এতিয়া অসম হিমাময় হৈ পৰিছে। হিমাৰ সন্দৰ্ভতো তেখেতে আমাক কিছু কথা ক'লে। হিমাৰ খবৰ ঠিকেই ৰাখিছে এইজন ব্যক্তিয়ে। হিমাৰ ঘৰ, হিমাৰ দেউতাকৰ খবৰ, হিমাৰ সফলতা আদি সন্দৰ্ভত তেখেতে আমাক কিছু কথা জনালে। মাজনিশা ৰাজপথত খোজকাঢ়ি কাঢ়ি এই কথাবোৰ পাতোতে আমি তেখেতৰ মন্তব্য শুনি আচৰিত হৈছিলো।

আমি কথা পাতি খোজকাঢ়ি গৈ গৈ বাৰোৱাৰীৰ এটা সৰু গলিৰে সোমাই গ'লো। তাৰপাছত ৭ নম্বৰ ঘৰৰ এটা কোঠাৰ সন্মুখত ৰ'লোহি। চাবিটো তেওঁ বিচাৰি লৈ তলা খুলি আমাক প্ৰথমে ক'লে- 'মোৰ ৰূমটো কিন্তু বৰ লেতেৰা। তোমালোকক সেই কাৰণে মই নানো বুলি কৈছিলো। কোঠাটোত কাৰেণ্ট বা ফেন নাই। চাৰিওফালে জাৱৰ-জোথৰেৰে ভৰি আছে। সেই দৃশ্য এয়া।

কোঠাটোত সোমোৱাৰ আগতেই তেওঁ আমাক সেই আভাস দিছিল। কেইখনমান স্থিৰ চিত্ৰ সেইসময়ত লৈছিল ডিম্পুল আৰু ৰাজৰ্ষিয়ে। সেই ছবি দেখিলে অনুমান কৰিব পাৰি কোঠাটোৰ পৰিৱেশ।

এইটোৱে তেওঁৰ বাসগৃহ। ইয়াতে থৈ যায় চাবি।
এইটোৱে তেওঁৰ বাসগৃহ। ইয়াতে থৈ যায় চাবি।
এই সৰু ঘৰটোতে থাকে তেওঁ।
এই সৰু ঘৰটোতে থাকে তেওঁ।
এইখনে তেওঁৰ বিচনা। কল্পনা কৰক…
এইখনে তেওঁৰ বিচনা। কল্পনা কৰক…

বিচনাখনত তেওঁ বহিলে। আচলতে সেইখন বিচনা বুলিব নোৱাৰি। কোঠাটোৰ সৈতে সংলগ্ন হৈ আছে আন এটা কোঠা। আমি সেই কোঠালৈ সোমাই গ'লো। তাত আছে কিছু পুৰণি আচবাব আৰু পুৰণি বাতৰি কাকত। তেওঁ ইংৰাজী বাতৰি কাকতেই প্ৰায় পঢ়িছিল। সেইবোৰ ঠাহ খাই আছে তাত। ধূলি-মাকতিত সেইবোৰ পোত খাইছে।

এয়া তেওঁৰ আন এটা কোঠাত ধূলি-মাকতিৰে পোত যোৱা পুৰণি কাকতৰ দম।
এয়া তেওঁৰ আন এটা কোঠাত ধূলি-মাকতিৰে পোত যোৱা পুৰণি কাকতৰ দম।
তেওঁৰ শোৱনি কোঠাৰ পৰিবেশ।
তেওঁৰ শোৱনি কোঠাৰ পৰিবেশ।

তেওঁ শোৱা কোঠাৰ বিদ্যুৎ সংযোগ কাটি দিয়া হৈছে। কেইটামান প্লাষ্টিকৰ পাত্ৰও তাত পাতি থোৱা আছে। ঘৰটোত পানী পৰে। সেইবাবে এইদৰে পাতি থৈছে।

আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিলো। লগতে সেই পৰিৱেশৰ দৃশ্য বন্দী কৰিলো। এনে এজন লোকৰ জীৱনৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিলো। তেওঁক বুজিবলৈ ধৰিলো। মানুহজন বৰ সহজ। আমাৰ প্ৰত্যেকটো কথাই তেওঁ উত্তৰ দি গ'ল। ঘৰৰ পৰিৱেশৰ দৃশ্য বন্দী কৰা হৈছিল এইদৰে।

এক অভিজাত পৰিয়ালৰ সন্তান আছিল তেওঁ। আজোককাক আছিল কৰ্ণেল। দেউতাকৰ নাম সত্যনাথ বৰা। তেওঁ আছিল চৰকাৰী বিষয়া। মহানগৰীত তেওঁলোকৰ আছিল বহু মাটিবাৰী। সেই পৈতৃক সম্পত্তিৰ অংশ মাতৃয়ে দি গৈছিল। সেইবোৰৰ মূল্য এতিয়া কোটি টকাৰ ওপৰত। কিন্তু তেওঁৰ সেই সম্পত্তি পৰিয়ালৰ লোকে তেওঁ নজনাকৈয়ে দখলৰ চেষ্টা চলালে। কোটি টকাৰ সম্পত্তি থকাৰ পাছতো তেওঁ এতিয়া বাটৰ ভিক্ষাৰী। এই কথাও তেওঁ ক'লে আমাক। আমি কথা পাতি উভতিব লওঁতেই তেতিয়া নিশা আঢ়ৈ বাজিছিল। আমাক আগবঢ়াই দিবলৈ তেওঁ পুনৰ আমাৰ সৈতে আহি থাকোতে আমি পাতিছিলো এইবোৰ কথা-

মানুহজনৰ আছে তীব্ৰ জাতীয়তাবোধ। অসমীয়া জাতি যে সংকটত, তেওঁ উপলব্ধ কৰে। টিভি, টক শ্ব'ত অংশ লোৱা তথাকথিত বুদ্ধিজীৱী তেওঁ নহ'ব পাৰে। কিন্তু তেওঁৰ চিন্তা-চেতনাত প্ৰবাহিত হৈ আছে অসম আৰু অসমীয়াৰ কথা। উভতি অহাৰ পথত তেওঁ কৈ গৈছিল এইবোৰ-

তেওঁ পৰিয়ালৰ কথা আমাক কৈছিল। বিশিষ্ট বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ পুত্ৰ বিজয় ভূঞাই বিয়া পাতিছিল তেওঁৰ বায়েকক। বায়েকৰ নাম আছিল অলি ভূঞা-

আমি আহি আহি তেওঁৰ সৈতে যি ঠাইৰ পৰা গৈছিলো সেই ঠাই পালোহি। তাতো তেওঁৰ সৈতে কিছু কথা পতা হ'ল। তেওঁৰ নাম প্ৰশান্ত বৰা। মানুহে তেওঁক সাধাৰণতে ভাবে মগনীয়া বা ভিক্ষাৰী বুলি। আমবাৰী অঞ্চলত তেওঁক মগনীয়া বুলিয়েই জানে। কিন্তু তেওঁ আছিল এজন অভিজাত পৰিয়ালৰ সন্তান। জীৱনৰ চাকনৈয়াত পৰি তেওঁ বিধ্বস্ত আজি। কোনে ক'ব এইজন মানুহে পৰিছিল ছেইণ্ট মেৰিজত। প্ৰথমে ছেইন্ট মেৰিজত ল'ৰায়ো পঢ়িছিল। তাৰ পাছত পঢ়িছিল ড'নবস্কত। তেওঁৰ আছে গভীৰ জীৱনবোধ। আমি তেওঁৰ পৰা বিদায় ল'ব বিচাৰিছিলো। তেতিয়া তেওঁ কৈ আছিল এখন ইংৰাজী বিশেষ ছবিৰ কথা।

তেওঁক এটা চাকৰিৰ প্ৰয়োজন। এই কথাও আমাক কৈছিল। ৰাতি তেতিয়া ৩ বাজিছিল। আমি তেওঁৰ পৰা বিদায় ল'ব বিচাৰিলো। তেওঁক ক'লো- আমি তেওঁক থৈ আহো। তেওঁ সেয়া কৰিব নিদিলে। ক'লে নিজেই যাব। এনেকৈয়ে হৈ গ'ল এটা সাক্ষাৎকাৰ। কোনো প্ৰস্তুতি নথকাকৈ এজন মানুহক আৱিষ্কাৰ কৰিলো। শেষত তেওঁ হাত দাঙি আমাৰ পৰা বিদায় ল'লে। মহানগৰীৰ অন্ধকাৰৰ মাজত হেৰাই গ'ল কিছুসময় আগলৈকে আমাৰ সৈতে থকা মানুহজন। গুচি গ'ল আগৰ সেই কদৰ্যময় কোঠাটোলৈ। মাতৃয়ে মৰমতে তেওঁক মাতিছিল ভাইটি বুলি। পৰিয়ালৰ কনিষ্ঠ সন্তান আছিল তেওঁ। সকলো থাকিও আজি একো নাই, সৰ্বহাৰা…

এয়াই জীৱন। কেতিয়াবা নভবাকৈয়ে হৈ যায় সকলো। আমিও নভবাকৈয়ে লগ পালো তেখেতক। মগনীয়া বা ভিক্ষাৰী বুলি তেওঁক উপহাস কৰা নাছিলো। মানুহজনক বুজিবলৈ চেষ্টা কৰিছিলো। যাৰ বাবে বিচাৰি পালো সাধাৰণ যেন লগা এজন অসাধাৰণ মানুহক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in