প্ৰশান্ত ফুকনৰ প্ৰতিকৃতি দাহ সংখ্যালঘু ছাত্ৰ সন্থাৰ

প্ৰশান্ত ফুকনৰ প্ৰতিকৃতি দাহ সংখ্যালঘু ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ সংখ্যালঘু সম্প্ৰদায়ক "গাখীৰ নিদিয়া গাই গৰু" আৰু সা-সুবিধা দি লাভ নাই বুলি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কৰা মন্তব্য বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। সোমবাৰে বিধায়ক গৰাকীৰ উক্ত মন্তব্যৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ সন্থাই।

সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বহু সংখ্যক বিষয়ববীয়া তথা কৰ্মীয়ে নালিয়াপুলত প্ৰশান্ত ফুকনৰ প্ৰতিকৃতি জ্বলাই প্ৰশান্ত ফুকন মুৰ্দাবাদ, ইছলাম ধৰ্মীয় লোকক হীন দৃষ্টিৰে চোৱা বন্ধ কৰক, সম্প্ৰদায়িক মন্তব্য কৰা বিধায়কক গ্ৰেপ্তাৰ কৰক আদি শ্ল'গান দি উত্তাল কৰি তোলে ৰাজপথ। ইয়াৰ উপৰি বিধায়ক ফুকনে সাম্প্ৰদায়িক মন্তব্য কৰি দেশৰ সংবিধান উলংঘা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে সংখ্যালঘু ছাত্ৰ সন্থাই।

লগতে অচিৰেই প্ৰশান্ত ফুকনে সংখ্যালঘু সকলৰ প্ৰতি কৰা কটু মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী তোলে। আনহাতে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ পিছতেই বিধায়ক প্ৰশান্ত ফুকনে বাতৰি চেনেল কিছুমানতহে তেওঁৰ মন্তব্য আধা কাটি ভুলকৈ পৰিৱেশন কৰা বুলি স্পষ্টিকৰণ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in