শেহতীয়া খবৰ
গুৱাহাটীবাসীয়ে লাভ কৰিব আন এখন উৰণীয়া সেতুঃ জু-ৰোডত আৰম্ভ নিৰ্মাণকাৰ্য...  •  দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...

কংগ্ৰেছলৈ আধুনিক চাণক্য! সলিন হ’ব নেকি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতিচ্ছবি…

ডিজিটেল ডেস্কঃ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰাটো প্ৰায় মোহৰ লগোৱা হৈছে। ৰাজনীতিৰ চাণৈক্য হিচাপে পৰিগণিত হৈ পৰা প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা ওপৰত চূড়ান্ত সিদ্ধান্ত দলৰ সভাপতি ছোনিয়া গান্ধীয়ে গ্ৰহণ কৰিব। ছোনিয়া গান্ধীয়ে সেউজ সংকেট প্ৰদান কৰাৰ লগে লগে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব।

ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰৰ বিষয়ে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰিছে বুলি সংবাদ সূত্ৰত প্ৰকাশ পাইছে।সূত্ৰসমূহে কৈছে যে কংগ্ৰেছৰ একাংশ নতাই প্ৰশান্ত কিশোৰক দলত যোগদান কৰোৱাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে। অৱশ্যে দলটোৰে বহু নেতাই প্ৰশান্ত কিশোৰক দলত অন্তৰ্ভুক্ত কৰাৰ পক্ষে মত প্ৰদান কৰিছে। এই সকল নেতাই ভাবে যে, প্ৰশান্ত কিশোৰ দলৰ বাবে লাভজনক হ’ব। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদানৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ছোনিয়া গান্ধীয়ে গ্ৰহণ কৰিব।

মন কৰিবলগীয়া যে, বিগত বছৰ কংগ্ৰেছৰ সংস্কাৰৰ দাবীত ছোনিয়া গান্ধীলৈ চিঠি লিখা ২৩ জনীয়া কংগ্ৰেছ নেতাৰ দলটোৱে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাত আপত্তি জনাইছে।কংগ্ৰেছৰ এক বৈঠকত কিশোৰৰ কংগ্ৰেছত যোগদানৰ বিষয়টো সন্দৰ্ভ এই নেতাসকলৰ মাজত এক আলোচনা কৰা হৈছিল। ইয়াৰ মাজতে আকৌ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰা আৰু নিৰ্বাচনী ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে ৰাহুল গান্ধীৰ লগত এক বৈঠকত মিলিত হৈছিল।

উল্লেখ্য যে প্ৰশান্ত কিশোৰে প্ৰথমে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ কাম কৰিছিল আৰু তাৰ পিছত জেডি(ইউ)ত যোগদান কৰিছিল। দলটোত তেওঁ উপ-সভাপতিৰ দায়িত্বও পালন কৰিছিল। আনহাতে কংগ্ৰেছৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত পঞ্জাৱত দলটোক সহায় কৰিছিল আৰু মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পৰামৰ্শদাতা আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি