পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাৰ পদ ত্যাগ কৰিলে প্ৰশান্ত কিশোৰে…

পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাৰ পদ ত্যাগ কৰিলে প্ৰশান্ত কিশোৰে…

 ডিজটেল ডেস্কঃ ভাৰতৰ ৰাজনীতিত চাণক্য উপাধি লাভ কৰা প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগ দান কৰাৰ সম্ভাৱনাৰ কথা সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে ২০২৪ ৰ লোক সভা নিৰ্বাচনত প্ৰভাৱ পেলাব পৰা অন্য এক খবৰ পোহৰলৈ আহিছে। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পৰামৰ্শদাতাৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশান্ত কিশোৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ২ তাৰিখে প্ৰশান্ত কিশোৰক এই পদত নিযুক্তি প্ৰদান কৰা হৈছিল। অন্য হাতে পাঞ্জাৱত কেবিনেট মন্ত্ৰী মৰ্যদাও লাভ কৰিছিল প্ৰশান্ত কিশোৰে।

কিন্তু প্ৰশান্ত কিশোৰে পদ ত্যাগ পত্ৰত লিখা অনুসৰি পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাৰ পদত আছিল যদিও তেঁও নিজৰ পদৰ কামত আজিলৈকে মনোনিবেশ কৰা নাছিল সেয়ে তেওঁ এই পদৰ পৰা অব্যাহতি বিচাৰিছে। মুখ্যমন্ত্ৰী গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰি লগতে তেওঁ উল্লেখ কৰিছে যে বৰ্তমান তেওঁ নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব বিচাৰিছে সেয়ে এনে গধুৰ দায়িত্বৰ পৰা তেওঁক মুক্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। হঠাতে এই দৰে লোৱা সিদ্ধান্ত পাছত দেশ ৰাজনৈতিক মহলত প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত পুনৰ চৰ্চা লাভ কৰিছে।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in