কৃতিমান ছাত্ৰ প্ৰাণজিৎ কলিতা-শংকুৰ দাসলৈ প্ৰভাত চন্দ্ৰ শ্ৰুতিকৰ ন্যাস বঁটা প্ৰদান…

কৃতিমান ছাত্ৰ প্ৰাণজিৎ কলিতা-শংকুৰ দাসলৈ প্ৰভাত চন্দ্ৰ শ্ৰুতিকৰ ন্যাস বঁটা প্ৰদান…

ডিজিটেল সংবাদ, মঙলদৈঃ ছাত্ৰ ছাত্ৰীয়ে যিমান অধ্যয়ন কৰে তাতোকৈ বেছি অধ্যয়ন কৰিব লাগে শিক্ষক-শিক্ষয়িত্ৰীয়ে। কাৰণ অকল টকা উপাৰ্জন কৰাৰ বাবে শিক্ষকতা বৃত্তি নহয়, ই হৈছে সাধনাৰ বৃত্তি।'এইদৰে মন্তব্য কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ হৰিপ্ৰসাদ শৰ্মাই। মঙলদৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ আৰু কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনত শনিবাৰে হোৱা প্ৰভাত চন্দ্ৰ শ্ৰুতিকৰ স্মৃতি ন্যাস বঁটা প্ৰদান অনুষ্ঠানত তেওঁ এইদৰে কয়।

প্ৰভাত চন্দ্ৰ শ্ৰুতিকৰ ন্যাস সমিতিৰ সভানেত্ৰী ডঃ নিলীমা ভাগৱতীৰ সভাপতিত্বত দিনৰ ১১.৩০ বজাত হোৱা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ ভিতৰত শিক্ষা বিভাগত ২০১৯ বৰ্ষত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাণজিৎ কলিতা আৰু ২০২০ বৰ্ষত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ শংকুৰ দাসক প্ৰভাত চন্দ্ৰ শ্ৰুতিকৰ স্মৃতি ন্যাস বঁটা প্ৰদান কৰে।

এই বঁটাত আছে অভিনন্দন পত্ৰ, ট্ৰফী, ফুলাম গামোচা, ফুলৰ থোপা, গ্ৰন্থ আদিৰে সম্ভাসন জনায়।। সম্পাদিকা নন্দিনী শ্ৰুতিকৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খগেন্দ্ৰ কুমাৰ নাথ, বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ডিম্বেশ্বৰ বৰুৱা, অমূল্য শ্ৰুতিকৰ, অৰুণাভ ভাগৱতী, প্ৰাণজিৎ শৰ্মা আদিকে ধৰি শতাধিক লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in