স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ…

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ…

ডিজিটেল ডেস্কঃ এতিয়াও সুস্থ হোৱা নাই প্ৰণৱ মুখাৰ্জী। ৮৪ বছৰীয়া দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ভেন্টিলেটৰতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

উল্লেখ্য যে সোমবাৰে নিশা দিল্লীৰ আৰ্মি ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত মগজুৰ এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ।

ইয়াৰ পিচতেই তেওঁক ৯৬ ঘন্টা পৰ্যবেক্ষণত ৰখা হ'ব বুলি জনাইছিল হাস্পতালখনৰ কৰ্তৃপক্ষই । ইয়াৰ লগতে মধুমেহ আৰু কোৰোনা ভাইৰাছতো আক্ৰান্ত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in