সদৌ বিটিআৰ জাৰ্ণালিষ্ট এছোচিয়েচনৰ দ্বাৰা সম্বৰ্ধিত প্ৰমোদ বড়ো…

সদৌ বিটিআৰ জাৰ্ণালিষ্ট এছোচিয়েচনৰ দ্বাৰা সম্বৰ্ধিত প্ৰমোদ বড়ো…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ বিটিআৰ জাৰ্ণালিষ্ট এছোচিয়েচনে। সদৌ বিটিআৰ জাৰ্ণালিষ্ট এছোছিয়েচনৰ উদ্যোগত আয়োজিত হোৱা সম্বৰ্ধনা সভাৰ সতে সংগতি ৰাখি এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয় ।

কোকৰাঝাৰ , চিৰাং , বাগছা আৰু ওদালগুৰীৰ জিলাৰ প্ৰায় শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰা উক্ত সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই গণতন্ত্ৰ প্ৰতিষ্ঠাকৰণত সাংবাদিকৰ গধুৰ দায়িত্ব আছে বুলি উল্লেখ কৰি সাংবাদিকসকলৰ সমস্যা পৰ্যায়ক্ৰমে পুৰণ কৰা হব বুলি মন্তব্য কৰিছে ।

প্ৰতি বছৰে সাংবাদিক বঁটা প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে আৰু বিটিআৰৰ চাৰি জিলাৰ সাংবাদিকৰ বাবে কাৰ্যালয় নিৰ্মান আৰু অতিথিশালা নিৰ্মান কৰা হব বুলি প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়োই এইক্ষেত্ৰত ভূমি আৰু ৰাজহ বিভাগক ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হব বুলি মন্তব্য কৰিছে । ৬০ বছৰৰ উৰ্ধৰ সাংবাদিকক পেঞ্চন দিয়া হব আৰু স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ গ্ৰুপ ইঞ্চুৰেঞ্চ কৰা হ'ব বুলি মন্তব্য কৰি সদৌ বিটিআৰ জাৰ্ণালিষ্ট এছোচিয়েচনে প্ৰদান কৰা দাবী সম্বলিত স্মাৰকপত্ৰৰ দাবীসমুহ পৰ্যায় ক্ৰমে পুৰণ কৰা হ'ব বুলি মন্তব্য কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ।

উল্লেখ্য যে, শনিবাৰে মত বিনিময় অনুষ্ঠানত বিটিআৰৰ প্ৰতিখন জিলাৰ পৰা সাংবাদিক প্ৰতিনিধিয়ে সাংবাদিকৰ নিজ নিজ সমস্যাসমুহ দাঙি ধৰি সমস্যা সমাধানত চৰকাৰৰ পৰা যোগাত্মক সঁহাৰি কামনা কৰে । বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সাংবাদিকৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in