মন্ত্ৰীক লাগিব ১৫ শতাংশ কমিছনঃ প্ৰমিলাৰাণী ব্ৰহ্মৰ দুৰ্নীতিৰ বজাৰৰ চৰ্দাৰ ৰূপত নুপূৰ সাহা…

মন্ত্ৰীক লাগিব ১৫ শতাংশ কমিছনঃ প্ৰমিলাৰাণী ব্ৰহ্মৰ দুৰ্নীতিৰ বজাৰৰ চৰ্দাৰ ৰূপত নুপূৰ সাহা…

মন্ত্ৰীৰ মানুহ নুপূৰ সাহা। সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ বাবে সংগ্ৰব কৰে কমিছন। কোকৰাঝাৰৰ পৰা আহি এই লুন্ঠন চলাবলৈ গুৱাহাটীত খুলিছেহি বিলাসী কাৰ্যালয়। সমাজ কল্যাণ বিভাগৰ উঠি ৰজা বহি ৰজা এইজন অনা অসমীয়া। কিদৰে সমাজ কল্যাণ বিভাগত চলাইছে দুৰ্নীতিৰ বজাৰ। সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ অনুসন্ধানমূলক প্ৰতিবেদন…

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হৈছিল সমাজ কল্যাণ বিভাগত ২০০০কোটিৰো অধিক টকাৰ কেলেংকাৰী। এই অভিযোগ শাসকীয় বিজেপি দলে উত্থাপন কৰি চি আই ডি তদন্তৰ ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে। চি আই ডিয়ে সমাজকল্যাণ বিভাগত সঞ্চালকৰূপে কৰ্মৰত দুগৰাকী সঞ্চালকক গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনক কাৰনত সেই তদন্ত তল পৰিল।

সেই বিভাগতে এতিয়া বৰ্তমানৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ পৃষ্ঠপোষকতাত পুনৰ আৰম্ভ হৈছে কমিছনৰাজ। বিভাগটোৰ আই চি ডি এছ, এছ এন টি কে ধৰি সকলো সামগ্ৰী যোগানৰ ঠিকা প্ৰক্ৰিয়াত মুকলিকৈ কমিছন সংগ্ৰহ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰীৰ নামত ১০-১৫শতাংশ ধন কমিছনৰূপে সংগ্ৰহ কৰে নুপূৰ সাহা নামৰ এজন অনা-অসমীয়াই।

মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ সৈতে ছাঁৰ দৰে লাগি থকা নুপূৰ সাহা মন্ত্ৰী ভাতঘৰৰ মানুহ। তেওঁৰ চৰকাৰী কাৰ্যালয় আৰু দিছপুৰৰ বাসভৱনত প্ৰায়ে উপস্থিত থাকে এইগৰাকী ব্যক্তি। তেওঁৰ কাম হ'ল সামগ্ৰী যোগান ধৰা ঠিকাদাৰৰ পৰা কমিছন সংগ্ৰহ কৰা। মুকলিকৈ ঠিকাদাৰৰ সৈতে দৰ দাম কৰে নুপূৰ সাহাই।

২০২০বৰ্ষৰ ২২ ফেব্ৰুৱাৰী এছ এন পি আচঁনিৰ অধীনত আইজং চাউল আৰু বগা মটৰ যোগানৰ ঠিকা সমাজ কল্যাণ বিভাগে দিছিল ৪৯টা এন জি অ'ক। সেই ঠিকা প্ৰদানৰ নামতো ১৫ শতাংশ কমিছন হাৰত মন্ত্ৰীৰ নামত নুপূৰ সাহাই প্ৰায় ডেৰ কোটি টকা সংগ্ৰহ কৰিছিল। সমাজ কল্যাণ বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, চাউল আৰু মটৰ যোগানৰ ৯০কোটি টকীয়া ঠিকা প্ৰদানৰ নামত এই দন সংগ্ৰহ কৰা হৈছিল।

নুপূৰ সাহাৰ জৰিয়তে মন্ত্ৰী প্ৰমিলাৰাণ ব্ৰহ্মই মেলিছে এতিয়া লুন্ঠনৰ জাল। পূৰ্বতে কোকৰাঝাৰত ব্যৱসায় কৰা এই নুপূৰ সাহাই গুৱাহাটীৰ এ বি চিত থকা অনিল প্লাজাত খুলি লৈছে এটা বিলাসী কাৰ্যালয়। সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ নামত মন্ত্ৰীৰ সেউজ সংকেততে এইদৰে কমিছন সংগ্ৰহ কৰা ব্যস্ত নুপূৰ সাহা।

মন্ত্ৰীগৰাকীৰ সকলো গোপনীয় লেনদেন এই নুপূৰ সাহাৰ জৰিয়তেই হয় বুলিও জানিব পৰা গৈছে। সমাজ কল্যাণ বিভাগত এতিয়া মূল মানুহ হৈ পৰিছে নুপূৰ সাহা। বিভাগটোৰ যিকোনো কামৰ ঠিকা, নিযুক্তি-বদলি আদিৰ বাবে শৰণাপন্ন হ'ব লাগে এই ব্যক্তিগৰাকীৰ। মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ সন্মুখতে তেওঁৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে এইদৰে মেলিছে দুৰ্নীতিৰ বজাৰ।

প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক, কিদৰে নুপূৰ সাহাৰ জৰিয়তে সমাজ কল্যাণ বিভাগত কমিছনৰ জাল মেলা হৈছে। সমাজ কল্যাণ বিভাগ একাংশ বিষয়া-কৰ্মচাৰীয়ে এইবোৰ দেখিও নেদেখাৰ ভাওঁ ধৰিব লগা হৈছে। সাহস হ'বনে মুখ্যমন্ত্ৰীৰ এই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ প্ৰমাণ দি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in