পৰমানন্দ মজুমদাৰৰ ‘ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

পৰমানন্দ মজুমদাৰৰ  ‘ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

ডিজিটেল ডেস্ক : শিল্প-সাহিত্য,জাতি আৰু সমাজ সম্পৰ্কে ড০ ভূপেন হাজৰিকাৰ দৃষ্টিভংগীৰ আলোকত ড০ পৰমানন্দ মজুমদাৰে লিখা 'ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় । ৭ জানুৱাৰী ২০২০ তাৰিখ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় গ্ৰন্থ খন।

'ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা' শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সমালোচক লক্ষ্মীনাথ তামুলীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে ড০ ভূপেন হাজৰিকাৰ ভগ্নী তথা বিশিষ্টা শিল্পী সুদক্ষিণা শৰ্মাই । কিতাপ উন্মোচন কৰি লক্ষ্মীনাথ তামুলীয়ে কয় যে – "এই কিতাপখন আকাৰত সৰু কিন্ত প্ৰকাৰত নিভাজ মনৰ দৰে । ভূপেন হাজৰিকা সম্পৰ্কে এই কিতাপখন উন্মোচনৰ আগতে অসমীয়া সাহিত্যত যি খিনি চৰ্চা হৈ আছে তাৰ বেছি ভাগে ভূপেন হাজৰিকাক লগ পোৱা কথা খিনিক লৈহে আলোচনা কৰা দেখা যায় । কেৱল গীতৰ মাজৰ পৰা ভূপেন হাজৰিকাক নিবিচাৰি গদ্যৰ মাজৰ পৰা বিচাৰিছে এই কিতাপ খনত । "

ইফালে কিতাপ খনৰ সন্দৰ্ভত লিখক ড০ পৰমানন্দ মজুমদাৰে কয় যে – এই কিতাপ খনত বিশেষ কৈ ভূপেন হাজৰিকাৰ চিন্তাৰ দিশ সেই দিশ সমূহ কিতাপ খনত তুলি ধৰা হৈছে । সমাজ সম্পৰ্কত,জাতি সম্পৰ্কত,আন্তৰ্জাতিক কিছু ঘটনা সম্পৰ্কত ভূপেন হাজৰিকাই কিছু কথা তত্ব গধুৰ ভাবে আলোচনা কৰিছিল । যিবোৰ আলোচনা আমাৰ মাজত এতিয়াও অহা নায় । এই কিতাপ খনত ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ আলোচনাও আছে ।

এই গ্ৰন্থ উন্মোচন অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ ভগ্নী তথা বিশিষ্টা শিল্পী সুদক্ষিণা শৰ্মাই ভূপেন হাজৰিকাৰ অগ্নি যুগৰ ফিৰিঙতি মই গীতটো পৰিবেশন কৰে । এই অনুষ্ঠানত বহুতো যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in