হাতে হাতে গছপুলি লৈ ওলাই আহিল সকলো, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

হাতে হাতে গছপুলি লৈ ওলাই আহিল সকলো, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটীৰ শান্তিপুৰৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰাঙ্গনত বুধবাৰে আবেলি ৪বজাত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সকলৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে ঔষধী গছ লগতে ফলমূলৰ গছ ৰোপন কৰাৰ বাবে সপ্তাহযোৰা কাৰ্যসূচীৰ সিদ্ধান্ত লোৱা হৈছে৷মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰাগজ্যোতিষী সতীৰ্থসকলে ঔষধী গছৰ লগতে ফুল আৰু ফলমূলৰ গছৰ পুলি লগত আনি নিজ হাতে ৰোপন কৰে৷

বুধবাৰে এই অনুষ্ঠানত মহাবিদ্যালয়ৰ আৰম্ভণিৰ শিক্ষাবৰ্ষৰ প্ৰথম ছাত্ৰ পদ্দ মেধী আৰু ডাঃ জিতেন্দ্ৰ কুমাৰ দাসে শুভাৰম্ভণি কৰে৷ সন্মিলনৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে সমূহ প্ৰাক্তন প্ৰাগজ্যোতিষীয়ৰ সহযোগিতাৰ বাবে সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে ওলগ জনায় আৰু পৰিৱেশ সংৰক্ষণ তথা সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ শলাগ লয়৷

বুধবাৰৰ এই অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি প্ৰভাত দাস, সাধাৰণ সম্পাদক মনোজ দাস আৰু কনক তালুকদাৰে এখন নিৰ্মল আৰু সেউজ অসম গঢ় দিয়াৰ বাবে পৰিৱেশ সচেতনতাৰ দিশত প্ৰাক্তন ছাত্ৰ সকলক দায়ৱদ্ধতাৰে কাম কৰি যাবলৈ প্ৰাক্তন প্ৰাগজ্যোতিষী সকল দায়ৱদ্ধ বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in