শ্ৰমিক দিৱস উপলক্ষে চিৰাজুলিত প্ৰগতি ফাউণ্ডেশ্যনৰ মাস্ক বিতৰন আৰু বৃক্ষ ৰোপনৰ আহ্বান…

শ্ৰমিক দিৱস উপলক্ষে চিৰাজুলিত প্ৰগতি ফাউণ্ডেশ্যনৰ মাস্ক বিতৰন আৰু বৃক্ষ ৰোপনৰ আহ্বান…

ডিজিটেল সংবাদ,ওৰাং : মহামাৰী কভিডৰ সজাগতা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সকলোকে মাস্ক বিতৰণ আৰু বৃক্ষ ৰূপনৰ আহ্বান শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মানৱ দৰদী সংস্থা প্ৰগতি ফাউণ্ডেশ্যনৰ। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি প্ৰগতি ফাউণ্ডেশ্যনে শ্ৰমিক সকলৰ লগতে সকলো শ্ৰেণীৰ লোকৰ মাজত বিতৰণ কৰে ১৫০০ অধিক মাস্ক।

মাস্ক বিতৰণ কৰাৰ লগতে সকলোকে কভিডৰ পৰা হাত সাৰি থাকিব পৰা সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় সংস্থাটোৱে। ৰাইজক শংকিত নহৈ সকলোৱে মিলি সজাগতা আৰু সাবধানতা অবলম্বন কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় প্ৰগতি ফাউণ্ডেশ্যনে। চিৰাজুলিৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত সকলোকে চেনিটাইজাৰ কৰাই মাস্ক বিতৰণ কৰে প্ৰগতি ফাউণ্ডেশ্যনে।

কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অস্কিজেনৰ নাটনি হোৱাৰ বাবে প্ৰকৃতি সুৰক্ষাৰ বাবে সকলোকে এজোপা কৈ গছ পুলি ৰোপণৰ বাবে সজাগতা সৃষ্টি কৰা আৰু গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাই প্ৰগতি ফাউণ্ডেশ্যনে।‌ সঘনাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চল ভূমিকম্পৰ অভিকেন্দ্ৰ হৈ পৰাৰ বাবে সকলোকে সাবধান হৈ সচেতনতাৰে পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই প্ৰগতি ফাউণ্ডেশ্যনে।

পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰগতি ফাউণ্ডেশ্যনে লৈছে এক বিশেষ পদক্ষেপ আজিৰে পৰা প্ৰগতি ফাউণ্ডেশ্যনে এক মাহৰ বাবে বিভিন্ন স্থানত ৰোপন কৰি গছ পুলি। অকল গছ পুলি ৰোপনে নহ'য় গছ পুলি ৰোপণ কৰি গছৰ চোৱা চিতা আৰু সুৰক্ষাও প্ৰদান কৰিব প্ৰগতি ফাউণ্ডেশ্যনে।প্ৰগতি ফাউণ্ডেশ্যনে কভিড আৰু পৰিৱেশ সজাগতাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক সকলো শ্ৰেণীৰ লোকে সলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in