হিন্দু বাংলাদেশীক নাগৰিকত্ব সন্দৰ্ভত বিজেপিক সকীয়নি প্ৰফুল্ল মহন্তৰ

হিন্দু বাংলাদেশীক নাগৰিকত্ব সন্দৰ্ভত বিজেপিক সকীয়নি প্ৰফুল্ল মহন্তৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। অগপই বিজেপিৰে মিত্ৰতা কৰিলেও অব্যাহত থাকিব আঞ্চলিক দলটোৰ নিজস্বতা।

দেওবাৰে শিৱসাগৰত সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ অসম গণ পৰিষদ দলৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই।

আনহাতে হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দলটোৱে পূৰ্বৰ স্থিতিতে অটল থাকিব বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, অসম আৰু অসমীয়াৰ জাতিৰ বিৰুদ্ধে একো কাম নকৰে আঞ্চলিক দলটোৱে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ৰাজ্যখনত সৃষ্টি হ'ব পৰা ভয়াৱহতা সন্দৰ্ভতো তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই আইন প্ৰণয়ন কৰিলে অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ'ব বুলিও তেওঁ মন্তব্য কৰে।

সংখ্যাগৰিষ্ঠতা থকা বুলিয়েই বিজেপিয়ে সংসদত এই আইন প্ৰণয়ন কৰিলে নহ'ব বুলিও তেওঁ মিত্ৰ দলটোক সকীয়াই দিয়ে। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত অসমৰ জাতীয় সংগঠন জড়িত হোৱা কাৰ্যক লৈ সন্তুষ্টি ব্যক্ত কৰে প্ৰফুল্ল মহন্তই।

ইয়াৰ সমান্তৰালকৈ বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদানৰ পৰিৱৰ্তে বাংলাদেশতেই শান্তিৰে থকাৰ থকাৰ সুযোগ দিয়াৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in