ভোট নিদিয়ে প্ৰফুল্ল কুমাৰ মহন্তই! কিয়…

ভোট নিদিয়ে প্ৰফুল্ল কুমাৰ মহন্তই! কিয়…
  • ২০১৯ৰ লোকসভা নিৰ্বাচনত ভোটদান নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
  • কিছু সময় পূৰ্বে সংবাদ মাধ্যমক এই কথা জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈছিল তেওঁ।
  • কিন্তু অৱশেষত ভোট নিদিয়াৰ সিদ্ধান্তৰ কথা সদৰি কেওঁ মহন্তই।
  • পূৰ্বে অনুষ্ঠিত হোৱা নিৰ্বাচনত পুৱাৰ ভাগতেই ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল প্ৰফুল্ল কুমাৰ মহন্তই।
  • উল্লেখ্য যে, অগপ-বিজেপিৰ মিত্ৰতাক অসন্তুষ্টি ব্যক্ত কৰি আহিছে প্ৰফুল্ল কুমাৰ মহন্তই।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বিজেপিৰ সৈতে অগপৰ মিত্ৰতাক সহজভাৱে ল'ব পৰা নাছিল তেওঁ।
  • জাতি ৰক্ষাৰ স্বাৰ্থত থিয় দিয়াৰ হুংকাৰ দিছিল পূৰ্বেই।
  • তেনে পৰিপ্ৰেক্ষিততে তেওঁ ভোটদানৰ পৰা বিৰত থকাৰ সন্দেহ কৰা হৈছে।
  • প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী আৰু পুত্ৰইও ভোটাধিকাৰ সাব্যস্ত কৰা নাই বৰ্তমানলৈকে।
  • ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰা নাই যদিও নগাঁৱত তাৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা নাই।
  • বঢ়মপুৰ আৰু নগাঁও সদৰত সুচাৰুৰূপ চলি আছে ভোটগ্ৰহণ।
  • অন্তিম মুহূৰ্তলৈকে ৭০ শতাংশৰ ওপৰত ভোটগ্ৰহণ হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in