ওলোটা খৰ! হঠাৎ অসমীয়া ছাত্ৰলৈ দৰদ উপজিল বৰাকৰ বিজেপি নেতাৰ…

ওলোটা খৰ! হঠাৎ অসমীয়া ছাত্ৰলৈ দৰদ উপজিল বৰাকৰ বিজেপি নেতাৰ…

  • হঠাৎ সুৰ সলনি প্ৰদীপ দত্ত ৰায়ৰ।
  • ব্ৰহ্মপুত্ৰ উপত্যকাত অসম-অসমীয়াৰ প্ৰতিক্ৰিয়া দেখি উঠাই ল'লে নিজৰ মন্তব্য।
  • 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জনালে এই কথা।
  • 'অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰই বিধেয়কখনৰ বিৰুদ্ধে কৰিব পাৰিব প্ৰতিবাদ।'
  • 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এটা প্ৰশ্নৰ উত্তৰ এই কথা ক'লে প্ৰদীপ দত্ত ৰায়ে।
  • বৰাকত অধ্যয়নৰত অসমীয়া ছাত্ৰৰ অভিভাৱকক শংকিত নহ'বলৈ আহ্বান।
  • পূৰ্বতে অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদ কৰিলে অসমীয়া ছাত্ৰক পঢ়িব নিদিও বুলি হুংকাৰ দিছিল এইগৰাকী বিজেপি নেতাই।
  • প্ৰদীপ দত্ত ৰায় আছিল অল কাছাৰ কৰিমগঞ্জ-হাইলাকান্দি ষ্টুডেন্ট ইউনিয়নৰ প্ৰতিস্থাপক সভাপতি।
  • বৰ্তমান তেওঁ কাছাৰ জিলা বিজেপি কাৰ্যনিৰ্বাহকৰ সদস্য।
  • তেওঁৰ মন্তব্যক লৈ অনুতপ্ত নেকি বুলি সোধা প্ৰশ্নত উত্তৰ দিলে কৌশলেৰে।
  • বৰাক উপত্যকা অসমৰ পৃথক নেকি বুলি সোধাত এই প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে ৰায়ে।
  • বিষয়টো অধিক চৰ্চা নকৰিবলৈ আহ্বান তেওঁৰ।
  • তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ খবৰ পাইছেনে বুলি সোধাত খবৰ পোৱা বুলি ক'লে ৰায়ে।
  • আৰক্ষীয়ে অৱশ্যে তেওঁৰ সৈতে এই গোচৰৰ সন্দৰ্ভত কোনো ধৰণৰ যোগাযোগ কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in