আঁতৰাব লাগিব অসমীয়া ভাষাৰ হৰ্ডিংঃ কোনে বান্ধি দিলে সময়সীমা…

আঁতৰাব লাগিব অসমীয়া ভাষাৰ হৰ্ডিংঃ কোনে বান্ধি দিলে সময়সীমা…

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ যেন দুৰ্দিন চলিছে এইখন অসমতে। বিভিন্ন সময়ত অসমীয়া ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হৈ অহা বিতৰ্কৰ সময়তে ২৪ নৱেম্বৰ ২০২১, বুধবাৰে বঙাইগাওঁ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত লোৱো বিভিন্ন সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম আছিল এ চি এছ বা এ পি এছ চিৰ পৰীক্ষাত এতিয়াৰে পৰা বাধ্যতামূলক নহ'ব অসমীয়া ভাষা।

খোদ ৰাজ্য চৰকাৰে এইদৰে অসমীয়া ভাষাক গুৰুত্বহীন কৰাৰ ২৪ ঘণ্টাৰ পিছতেই এইবাৰ সততে অসমীয়া ভাষাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈ থকা বৰাকত পুনৰ অসমীয়া ভাষা বিতাৰণৰ বাবে হুংকাৰ দিলে তথাকথিত বঙালি সংগঠনৰ নেতাই। মাত্ৰ কেইটান দিনৰ পূৰ্বে বৰাকত চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই ক'লা ৰং সানি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰিছিল। অসমীয়া ভাষাৰ ওপৰতচলা সেই আক্ৰমণৰ ক্ষোভ আৰু বেদনা মাৰ নৌযাওঁতেই পুনৰ অসমীয়া ভাষাক বৰাকৰ পৰা বিতাৰণ কৰিবলৈ অপচেষ্টাত লিপ্ত হ'ল বিতৰ্কিত বঙালি নেতা প্ৰদীপ দত্তই।

জানিব পৰা মতে বৰাকত অসমীয়া ভাষাৰ এখন হৰ্ডিঙক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। বৰাকত কোভিড ভেকচিনৰ এখন হৰ্ডিং অসমীয়া ভাষাত থকাৰ বাবেই বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মূৰব্বী প্ৰদীপ দত্তই বিতৰ্কৰ সূত্ৰপাত কৰিছে। তেওঁ অতি শীঘ্ৰে এই হৰ্ডিং আঁতৰাবলৈ দাবী উত্থাপন কৰিছে। অসমীয়া বিদ্বেষী এইগৰাকী বঙালি নেতাৰ মতে অসমীয়া ভাষা ব্য়ৱহাৰ কৰি আকৌ কাছাৰ জিলা প্ৰশাসনে ভাষা আইন উলংঘন কৰিছে। তেওঁ এই হৰ্ডিং আঁতৰ কৰিবলৈ কাছাৰ জিলা প্ৰশাসনক ২৪ ঘণ্টাৰ সময়সীমাও বান্ধি দিছে বুলি প্ৰকাশ পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in