শেহতীয়া খবৰ
অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে...  •  'কেব’ৰ বিৰুদ্ধে দৰঙত কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!

1,383

ডিজিটেল ডেস্কঃ বলিউডৰ ছুপাৰহীট ছবি ‘দংগল’ৰ পৰিচালক নীতেশ তিৱাৰীয়ে বলিউডৰ আটাইতকৈ ডাঙৰ ছবি নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আছে। দৰাচলতে, এই পৰিচালকগৰাকীয়ে তিনিটাকৈ ছিৰিজত ‘ৰামায়ন’ শীৰ্ষক ছবি এখন নিৰ্মাণৰ পৰিকল্পনা চলাইছে। ছবিখনত ৰাম আৰু সীতাৰ ৰূপত জনপ্ৰিয় অভিনেতা হৃত্বীক ৰোশ্বন আৰু অভিনেত্ৰী দীপিকা পাডুকনক দেখা পোৱাৰ সম্ভাৱনা আছে।

ইফালে, ছবিখনত ‘ৰাৱণ’ৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেই সন্দৰ্ভত চৰ্চা চলিছে। শেহতীয়াকৈ ৰাৱণৰ চৰিত্ৰত বাহুবলী ছবিত অভিনয় কৰি সমগ্ৰ বিশ্বৰ হৃদয় জিনা জনপ্ৰিয় অভিনেতা প্ৰভাসক দেখা পোৱা যাব বুলি সম্ভাৱনা কৰা হৈছে।

পিংকৱিলাৰ এক খবৰ অনুসৰি, এই বিষয়ে ছবিখনৰ পৰিচালক নীতেশ তিৱাৰীৰ ঘনিষ্ঠ এক সূত্ৰই সদৰী কৰিছে। সূত্ৰ অনুসৰি, পৰিচালক গৰাকীয়ে এইখন ছবি প্ৰায় ৬০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। আৰু যদি তেনে হয়, তেন্তে ‘ৰামায়ণ’ হ’ব বলিউডৰ আটাইতকৈ বিগ বাজেটৰ ছবি। আৰু ছবিখন মুক্তি পাব হিন্দীৰ লগতে তামিল আৰু তেলেগু ভাষাতো।

তিনিটাকৈ ভাষাত নিৰ্মাণ হ’ব লগা এই ছবিখনৰ নিৰ্মাণৰ দায়িত্বত থকা লোকসকলেই প্রভাসক ‘ৰাৱণ’ৰ চৰিত্ৰত অভিনয় কৰাটো বিচাৰিছে। আৰু ৰামৰ চৰিত্ৰ হৃত্বীক আৰু সীতাৰ চৰিত্ৰত দীপিকাই অভিনয় কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে এই ছবিখনত কোনে কোনটো চৰিত্ৰত অভিনয় কৰিব সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কেৱল আলোচনাহে আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি