ৰাভা হাছং এলেকাক ৰাজধানী ক্ষেত্ৰত অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে দুধনৈত প্ৰতিবাদী সভা

ৰাভা হাছং এলেকাক ৰাজধানী ক্ষেত্ৰত অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে দুধনৈত প্ৰতিবাদী সভা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গুৱাহাটী মহানগৰ সম্প্ৰসাৰণত জনজাতীয় লোকক উচ্ছেদ কৰি ষড়যন্ত্ৰমূলকভাৱে বণিক গোষ্ঠীৰ বাবে ৰাভা হাছং এলেকাৰ গাওঁক অন্তৰ্ভূক্ত কৰি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বনাব বিচাৰিছে অসম চৰকাৰে৷ ট্ৰাইৱেল বেল্ট আৰু ব্লকৰ এলেকাধীন গাওঁসমূহ অন্তৰ্ভূক্ত কৰি অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ণ প্ৰাধিকৰণ বিধেয়ক জাপি দি ষড়যন্ত্ৰমূলকভাৱে যি জাতি ধ্বংসী আইন চৰকাৰে প্ৰয়ণন কৰিলে সেই আইনক ৰাভা হাছং বাসীয়ে মানি নলয়৷ এই মন্তব্য ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য অাহ্বায়ক তথা ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ৷

দেওবাৰে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক বাতিলৰ দাবীত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এখন সজাগতা সভা। সভাখনত টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰে যোৱা নিৰ্বাচনত যৌথ সংগ্ৰাম সমিতিক ৰাভা হাছং উন্নযণৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল, কিন্তু জনজাতি লোকৰ মাটি-ভেটি বণিক গোষ্ঠীক গোটাই দি জাতিটোক ধ্বংস কৰিব বিচাৰিছে চৰকাৰে৷

ইতিমধ্যে অাইনখন বাতিলৰ দাবীত সকলো জাতি-জনগোষ্ঠীয়ে ৰাজপথলৈ ওলাই আহি ৰাভা হাছং এলেকাত শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ অসম চৰকাৰে এই জাতি ধ্বংসী আইনত ৰাজ্যৰ ৫খন জিলাৰ মুঠ ৬,১৩৭ বৰ্গ কিলোমিটাৰ অন্তৰ্ভূক্ত কৰিছে৷ ইয়াৰে ৰাভা হাছং এলেকাৰ ৩৭৮ খন গাওঁ গুৱাহাটী মহানগৰ সম্প্ৰসাৰণত অন্তৰ্ভূক্ত হৈছে৷

ৰাভা হাছং এলেকা আইনখনৰ পৰা অতি সোনকালে তথা অসম বিধানসভা অধিৱেশনত সংশোধনী নকৰিলে ৰাভা হাছংবাসীয়ে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে টংকেশ্বক ৰাভাই৷ উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ৰাভা হাছং এলেকাৰ ২০ খন পৰিষদীয় সমষ্টিত ৰাভা জাতীয় সংগ্ৰামী সংগঠন আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে এই আইনখনৰ বিৰুদ্ধে ১৮ ছেপ্তেম্বৰৰ পৰা গাঁৱে গাঁৱে বিশাল গণ সজাগতা সভা অনুষ্ঠিত কৰি আহিছে আৰু অহা ৭ অক্টোবৰলৈ এই গণ সজাগতা সভা অনুষ্ঠিত হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in