ছাফাই অভিযানত ওলাল পিষ্টল, বঙাইগাঁৱত চাঞ্চল্য

ছাফাই অভিযানত ওলাল পিষ্টল, বঙাইগাঁৱত চাঞ্চল্য

ডিজিটেল সংবাদ, কোকিলাঃ বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ২নং হালধীবাৰীত পিষ্টল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাস্তাৰ কাষত থকা জংঘল ছাফা কৰি থাকোতে ৰাইজে উদ্ধাৰ কৰে পিষ্টলটো।

উল্লেখ্য যে, যোৱা ২৭ আগষ্টৰ সন্ধিয়া ৭ মান বজাত ছফিকুল ইছলাম নামৰ এজন যুবকে হালধীবাৰী গাঁৱৰ হাৰেজ আলী নামৰ আন এজন যুবকক পিষ্টলেৰে গুলিয়াই হত্যাৰ চেষ্টা কৰিছিল। সৌভাগ্যক্ৰমে হাৰেজ আলী নামৰ যুবক জনৰ প্ৰাণ ৰক্ষা পৰে যদিও স্থানীয় ৰাইজে ছফিকুল নামৰ যুবকজনক আটক কৰাত ছফিকুলে পিষ্টলটো দলিয়াই পেলাই দিছিল।

বৰঘোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছফিকুলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। কিন্ত আশ্চৰ্য্যজনক কথা হ'ল ধৃত ছফিকুলৰ লগত পিষ্টলৰ বাকচ থকাৰ পিছতো আৰক্ষীয়ে ছফিকুলক চোৰ বুলি সন্দেহ কৰি তদন্ত নকৰাকৈ ঘটনাস্থলীৰ পৰা গুচি যায়।

ইফালে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক হৃদয় জিৎ বৰ্মনে সাংবাদিকে মিছা বাতৰি পৰিৱেশন কৰা বুলি মন্তব্য কৰিছিল। কিন্তু আজি ৰাস্তাৰ জংঘল ছাফা কৰি থাকোতে ৰাইজে পিষ্টলটো উদ্ধাৰ কৰাত আৰক্ষীৰ গা এৰা দিয়া মনোভাৱ ওলাই পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in