নৱ প্ৰজন্মৰ ভোজপুৰী সকলক অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ইতিবাচক প্ৰচেষ্টা…

নৱ প্ৰজন্মৰ ভোজপুৰী সকলক অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ইতিবাচক প্ৰচেষ্টা…

ডিজিটেল সংবাদ নগাঁও: অসমৰ প্ৰতিগৰাকী ভোজপুৰী লোকেই অসমৰ কলা-সংস্কৃতি শিকাৰ লক্ষ্যৰে ভোজপুৰী সমাজৰ নৱ প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰিছে সদৌ অসম ভোজপুৰী পৰিষদে । এই লক্ষ্যৰে দেওঁবাৰে নগাঁৱত সদৌ অসম ভোজপুৰী পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰঙালী বিহু উদযাপন কৰে ৷ নগাঁও মাৰোৱাৰী হিন্দী হাইস্কুলত উদযাপিত এই বিহু উৎসৱে সকলোৰে দৃষ্টি আৰ্কষন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ যে বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পী আছিল ভোজপুৰী সমাজৰ নৱ প্ৰজন্মৰ প্ৰতিনিধি ৷ বিগত দহদিন ধৰি ভোজপুৰী শিশু, ছাত্ৰ-ছাত্ৰী সকলে বিহু নৃত্য, ঢোল ,পেপাঁ বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ প্ৰশিক্ষণৰ অন্তত এই শিশু, ছাত্ৰ-ছাত্ৰীসকলে ভোজপুৰী পৰিষদৰ উদ্যোগত আয়োজিত বিহু উৎসৱত বিহু গীত, বিহুনৃত্য প্ৰদৰ্শন কৰি সমন্বয়ৰ এক চানেকি দাঙি ধৰে ৷

দেওঁবাৰে পুৱা বিহু পতাকা উত্তোলনৰে বিহু উৎসৱৰ শুভাৰম্ভ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই । এক উৎসৱমুখৰ পৰিবেশত ভোজপুৰী লোকসকলে ৰঙালী বিহু উদযাপন কৰে ৷ বন্তি প্ৰজ্বলন কৰে মাৰোৱাৰী হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক কিশোৰ দেৱে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ভৱেন বৰা, ড° ধনঞ্জয় কুশ্ৰে , কনক হাজৰিকা ,অজয় মাহতু ,গুনীন্দ্ৰ চক্ৰৱৰ্তী , সুৰেন্দ্ৰ মিশ্ৰ, মনোজ চৌধুৰী, গোবিন্দ পাচি, সত্যেন্দ্ৰ ৰয় ,ভানু হাজৰিকা , সুৰেশ খেটাৱত আদিয়ে অংশগ্ৰহণ কৰি ভোজপুৰী পৰিষদে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে ৷

সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ছোটেলাল গুপ্তা আৰু সাধাৰন সম্পাদক ৰাম অৱতাৰ পাচিয়ে ৷ বিহু গীত, নৃত্য ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে মৃদুল কুমাৰ দাস আৰু বিষ্ণু বৈদ্যয়ে ৷ পৰিষদৰ জিলা সভাপতি ছোটেলাল গুপ্তাই কয় যে- জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী সম্পাদায়ৰ লোক হোৱাৰ পিছতো প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে৷

ভোজপুৰী লোকসকল অসমীয়া ভাষা সংস্কৃতিৰ লগত পৰিচয় হোৱাতো বৰ্তমান সময়ৰ আহ্বান ৷ আমি সকলোৱে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰি সমন্বয়ৰ এনাজৰী ডাল সুদৃঢ় কৰিব লাগিব ৷ যাৰ জৰিয়তে আমাৰ মাজত ঐক্য ,সংহতি আৰু সম্প্ৰতি গঢ়ি তুলিব পাৰিম ৷

তেওঁ লগতে জানিবলৈ দিয়ে যে অনাগত দিনত বিহুৰ উপৰিও মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ , মাধৱদেৱৰ তিথি আদি উৎযাপন কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভোজপুৰী সমাজৰ নৱপ্ৰজন্মক পৰিচয় কৰি দিয়াৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in