মধ্য এছিয়াৰ ছয়খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চপদস্থ বিষয়াৰ সৈতে সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক..

মধ্য এছিয়াৰ ছয়খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চপদস্থ বিষয়াৰ সৈতে সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক..

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত 'চাবাহাৰ দিৱস' উপলক্ষে মধ্য এছিয়াৰ দেশৰ ছয়খন দেশৰ উচ্চ পৰ্যায়ৰ বৈদেশিক প্ৰতিনিধি দলৰ সৈতে সোণোৱালে বিতংভাৱে বাৰ্তালাপ কৰে ৷ ভাৰত আৰু মধ্য এছিয়াৰ মাজত কাৰ্গৰ ব্যয়সন্মত চলাচলৰ বাবে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰৰ আৰম্ভণি উপলক্ষে এই দিৱস উদযাপন কৰা হয়। ইৰাণত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে মধ্য এছিয়াৰ বাবে বাণিজ্যিক পৰিবহণৰ প্ৰাণকেন্দ্ৰ।

এই প্রসংগত সর্বানন্দ সোণোৱালে কয়, "মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে শক্তিশালী পাৰস্পৰিক সম্পৰ্ক গঢ় দিবলৈ সক্ষম হৈছে। তেখেতৰ ভিজন অনুযায়ী ভাৰত চৰকাৰে বিশাল বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে এক বিকল্প পথৰ বিকাশৰ দিশত কাম কৰি আছে।

ইৰাণৰ চাবাহাৰৰ শ্বাহিদ বেহেষ্টি বন্দৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰ উন্মুক্তকৰণৰ ধাৰণাটো- এটা মাল্টি ম'ডেল ল'জিষ্টিক ক'ৰিডৰৰ ব্যৱহাৰেৰে পাৰস্পৰিক বজাৰক সংযোগ কৰাৰ শক্তিশালী ধাৰণা। ই আমাৰ ল'জিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে দুয়োটা অঞ্চলৰ মাজত বাণিজ্য বৃদ্ধিত অৰিহণা যোগাব। চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ হৈছে ল'জিষ্টিক কোম্পানীবোৰৰ বাবে ব্যৱসায় সম্প্ৰসাৰণৰ এক সোণালী সুযোগ।

বাণিজ্য বাবে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰ মুকলি কৰাৰ পিছত ধন আৰু সময়ৰ ক্ষেত্ৰত আমাৰ ল'জিষ্টিক ব্যয় যুক্তিসঙ্গত কৰিবলৈ সক্ষম হ'ম, যি ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত এক ব্যয়সন্মত, দ্রুত আৰু চুটি পথ গঢ়ি তোলাত সহায় কৰিব "। এই সন্দৰ্ভত আগন্তুক দিনত সৃষ্টি হ'বপৰা বিভিন্ন সুযোগ-সম্ভাৱনাৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ ব্যৱসায়িক সম্প্রদায়ক সর্বানন্দ সোণোৱালে আহ্বান জনায়।

অনুষ্ঠানটোত মধ্য এছিয়াৰ দেশসমূহৰ প্ৰতিনিধিসকলে আন্তঃৰাষ্ট্ৰীয় পথছোৱাৰ সৈতে চাবাহাৰৰ সংযোগে কেনেদৰে তেওঁলোকৰ অঞ্চলসমূহত আমদানি-ৰপ্তানি আৰু বিভিন্ন বাণিজ্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু স্থলবেষ্টিত দেশসমূহত উন্নয়ন কিদৰে অধিক বৃদ্ধি কৰিব পাৰে, তাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ' নায়েক; কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰদূতসকল আৰু ইৰাণৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় তথা ভাৰতীয় বন্দৰ সংস্থাৰ বিষয়ববীয়া প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in