শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

বিশ্বত প্ৰথম বাৰলৈ এই ঘটনা! নেতাৰ চৰণ স্পৰ্শ কৰি সেৱা ল’লে প’প ধৰ্মগুৰুৱে, কাৰণ…. চাওক ভিডিঅ’

1,903

ডিজিটেল ডেস্কঃ অশান্ত পৰিস্থিতিক শান্ত কৰিবলৈ এইবাৰ অভিনৱ পন্থা গ্ৰহণ কৰিলে দক্ষিণ ছুডানৰ প’প ফ্ৰান্সিছে। ধৰ্মগুৰুগৰাকীয়ে দক্ষিণ ছুডানৰ অশান্ত পৰিস্থিতিৰ ঠাইত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আফ্ৰিকান দেশৰ প্ৰতিদ্বন্দ্বী নেতাসকলৰ চৰণস্পৰ্শ কৰি প্ৰণিপাত জনোৱাৰ এক ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰা আফ্ৰিকান নেতাসকলৰ সৈতে শান্তি আলোচনাৰ পৰিপ্ৰেক্ষিতত ভেটিকান চিটীত আয়জন কৰা হৈছিল এক সমাৰোহৰ। এই সমাৰোহতে ধৰ্মগুৰুগৰাকীয়ে দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতি আৰু বিৰোধী নেতাসকলক শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত একেলগে আগবাঢ়িবলৈ আহ্বান জনায় আৰু এজন এজনকৈ নেতাসকলৰ চৰণ স্পৰ্শ কৰে।

উল্লেখ্য যে, সাধাৰণতে প’প ফ্ৰান্সিছৰ ৰীতি অনুসৰি কেৱল হোলী থাৰ্স্ট উৎসৱৰ সময়তে প’প-এ কয়দীসকলৰ ভৰি ধুৱাই দিয়ে। কিন্তু দেশৰ নেতাৰ এনেদৰে ভৰি স্পৰ্শ কৰি সেৱা জনোৱাটো সমগ্ৰ জাতিৰ প’পসকলৰ ভিতৰতে প্ৰথম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি