ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব ৫.৬ কোটি দোজ কোভিড ভেকচিন, বজাৰত হ’ব ১০০০ টকা মূল্য : চিৰাম ইনষ্টিটিউট

ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব ৫.৬ কোটি দোজ কোভিড ভেকচিন, বজাৰত হ’ব ১০০০ টকা মূল্য : চিৰাম ইনষ্টিটিউট

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বই কোৰোনা ভাইৰাছক পৰাজিত কৰিবলৈ কোৰোনা ভেকচিন নিৰ্মানৰ বাবে ভাৰতলৈ আশাৰে চাইছে । ভাৰতত কোৰনাত পৰাজিত কৰিবলৈ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কোভিড ভেকচিনৰ টিকাকৰন । ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া টিকাকৰনৰ বাবে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছে কোভিড ভেকচিন ।

চিৰাম ইনষ্টিটিউটে মঙ্গলবাৰে কোভিশ্বিল্ড ভেকছিনৰ ৫৬.৫ লাখ দোজ কোভিড ভেকচিন দেশক প্ৰদান কৰিছে। চিৰামৰ চিইঅ' অদাৰ পুনাৱালাই কয় যে ফেব্ৰুৱাৰীত কোভিশ্বিল্ড ভেকছিনৰ ৫.৬ কোটি দোজ প্ৰদান কৰা হ'ব । ব্যক্তিগত বজাৰত হ'ব ভেকছিনৰ মূল্য ১০০০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in