অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল’লে লালকৃষ্ণ আদৱানীয়ে…

অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল’লে লালকৃষ্ণ আদৱানীয়ে…

ডিজিটেল ডেস্কঃ এইমছত চিকিৎসাধীন প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য সংকটজনক হৈয়ে আছে। সোমবাৰে জেটলীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হয়গৈ বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী। কন্যা প্ৰতিভা আদৱানীৰ সৈতে এইমছলৈ গৈ একালৰ সতীৰ্থজনৰ স্বাস্থ্যৰ বুজ ল'লে আদৱানীয়ে।

লাইফ ছাপ'ৰ্ট ছিচটেমত এইমছত চিকিৎসাধীন হৈ থকা জেটলীৰ স্বাস্থ্যৰ বুজ ল'বলৈ সোমবাৰে যোৱা সকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী মুকতা আব্বাছ নাগৱী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ সিং ৰাৱট, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং আছিল অন্যতম।

৯ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন হৈ আছে ৬৬ বছৰীয়া অৰুণ জেটলী। একালত মোডীৰ মন্ত্ৰীসভাৰ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল জেটলী। প্ৰথমটো কাৰ্যকালত অৰুণ জেটলীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় চম্ভালিছিল।

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী মোডী, উত্তৰাপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি উপ ৰাষ্ট্ৰপতি নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাসপাছৱান, দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল, বহুজন সমাজবাদী পাৰ্টিৰ মুৰব্বী মায়াবতী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিশেষ সিন্ধি, জ্যোতিৰাদিত্য সিন্ধিয়া, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতকে ধৰি জ্যেষ্ঠ নেতাসকলে ইতিমধ্যে বুজ লৈছে জেটলীৰ স্বাস্থ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in