অৱশেষত পাকিস্তানলৈ যাব নৱজ্যোৎ সিং সিদ্ধু…

অৱশেষত পাকিস্তানলৈ যাব নৱজ্যোৎ সিং সিদ্ধু…

ডিজিটেল ডেস্কঃ নেৰা-নেপেৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত নৱজ্যোৎ সিং সিদ্ধুয়ে লাভ কৰিলে পাকিস্তানলৈ যোৱাৰ অনুমতি। বৃহস্পতিবাৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে সিদ্ধুক পাকিস্তান ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰিছে। পাকিস্তানলৈ যোৱাৰ বাবে নৱজ্যোৎ সিং সিদ্ধুয়ে অনুমতি বিচাৰি বিদেশ মন্ত্ৰালয়লৈ প্ৰায় ৩ খনকৈ চিঠি প্ৰেৰণ কৰিছিল।

২ খনকৈ চিঠি প্ৰেৰণ কৰাৰ পাছতো বিদেশ মন্ত্ৰালয়ে কোনো উত্তৰ নিদিয়াক লৈ বৃহস্পতিবাৰে সিদ্ধুয়ে তৃতীয়খন চিঠি প্ৰেৰণ কৰিছিল। চিঠিত তেওঁ লিখিছিল- 'বাৰে বাৰে চিঠি প্ৰেৰণ কৰাৰ পাছতো মই পাকিস্তানলৈ যোৱাৰ সন্দৰ্ভত কোনো উত্তৰ মোক চৰকাৰে প্ৰদান কৰা নাই। মই স্পষ্ট ৰূপত জনাব বিচাৰিছো যে, চৰকাৰে যদি মোক এই ভ্ৰমণৰ বাবে অনুমতি প্ৰদান নকৰে মই নাযাও। কিন্তু মোৰ তৃতীয়খন চিঠিৰ যদি কোনো উত্তৰ নিদিয়ে তেন্তে শিখ শ্ৰদ্ধালু সকলৰ সৈতে মই পাকিস্তানলৈ যোৱাটো নিশ্চিত।'

উল্লেখ্য যে, কৰতাপুৰ কৰিডৰৰ শুভাৰম্ভণিৰ অনু্ষ্ঠানলৈ বাবে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে আমন্ত্ৰণ কৰিছিল নৱজ্যোৎ সিং সিদ্ধুক। ৮ নৱেম্বৰত এই কৰতাপুৰ কৰিডৰৰ উদঘাটন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in