শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...

পশুতকৈয়ো অধম এই প্ৰেমিক! কি কৰিলে চাওক VIDEO

1,901

ডিজিটেল ডেস্কঃ পশুতকৈয়ে কিমান অধম হ’লে এনে কাণ্ড সংঘটিত কৰিব পাৰে মানুহে? দিল্লীত এজন আৰক্ষী বিষয়াৰ উদণ্ড পুত্ৰই এটা বিপিঅ’ৰ ভিতৰত প্ৰেয়সীক প্ৰহাৰ কৰা দৃশ্যই আপোনাকো কন্দুৱাই তুলিব।

দিল্লীৰ তিলক নগৰত সংঘটিত এই ঘটনাটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যোৱা ২ ছেপ্তেম্বৰত উত্তম নগৰৰ বিপিঅ’ এটাত এই দৃশ্য কোনো অজ্ঞাত লোকে ৰেক’ৰ্ড কৰি এৰি দিছিল ছ’চিয়েল মিডিয়াত।

যিটো বিপিঅ’ত এই কাণ্ড সংঘটিত হৈছে সেইটোৰ গৰাকীজন উদণ্ড আৰক্ষী বিষয়াৰ পুত্ৰ ৰোহিত টোমৰৰ বন্ধু আলী হাছান বুলি জানিব পৰা গৈছে। বন্ধুৰ বিপিঅ’টোত কিছুদিন ধৰি ২১ বৰ্ষীয় যুৱতীগৰাকীয়ে কাম কৰিবলৈ লৈছিল বুলি আৰক্ষীয়ে জনাইছে।

ভিডিঅ’ চাওক (সতৰ্কীকৰণঃ The following video is violent/graphic)

উল্লেখ্য যে, দিল্লী আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক হিচাপে কৰ্মৰত অশোক সিং টোমৰৰ উদণ্ড পুত্ৰ ৰোহিত বজৰং দলৰো এজন সক্ৰিয় সদস্য। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও পলাতক ৰোহিতক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।

ইফালে, পুত্ৰৰ এই কাণ্ডৰ পিছতে ছুটী লৈ যোৱা দুই-তিনিদিন ধৰি মোবাইল ফোন ছুইটছ অফ কৰি ৰাখিছে আৰক্ষী বিষয়া অশোক সিং টোমৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি