মৰিগাওঁ আৰক্ষীৰ তালাচী অভিযানঃ উদ্ধাৰ ৮৮ বাকচ হেৰইন,আটক ২ জন…

মৰিগাওঁ আৰক্ষীৰ তালাচী অভিযানঃ উদ্ধাৰ ৮৮ বাকচ হেৰইন,আটক ২ জন…

ডিজিটেল ডেস্কঃ দেওবাৰে মৰিগাওঁ আৰক্ষী অধীক্ষক নিৰ্দেশত মৰিগাওঁ উপ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত  জাগীৰোডৰ আৰক্ষী চকীৰ সহযোগত পুৱতি নিশা এক তালাচী অভিযান চলায়। এই অভিযানত  শিলভাঙাৰ আবুল কাচেম(৩১) ঘৰৰ পৰা  ৮৮ বাকচ (প্ৰতিটো বাকচত প্ৰায় ১ মিঃগ্ৰাঃ) সন্দেহযুক্ত হেৰইন, বৃহৎ সংখ্যক মন্দিৰৰ চুৰি সামগ্ৰী আৰু চুৰি হোৱা পাম্প ছেট আৰু এলুমিনিয়াম তাঁৰ (যিবোৰ জাগীৰোড পেপাৰ মিলৰ পৰা চুৰি হোৱা বুলি সন্দেহ কৰা হৈছে) উদ্ধাৰ কৰা হৈছে।

আম্বুল কাছেম আৰু তেওঁৰ পত্নী ফাতেমা বেগম দুয়োকে আৰক্ষীয়ে আটক কৰিছে।খবৰ অনুসৰি দুয়ো ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত। ইতিমধ্যে দুয়োৰে বিৰুদ্ধে  এনডিপিএছ আইন আৰু আইপিচিৰ অধীনত এটা গোচৰ (চুৰি হোৱা সামগ্ৰীৰ বিষয়ে) পঞ্জীয়ন কৰা হৈছে। বৰ্তমানে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in