শেহতীয়া খবৰ
গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...  •  ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম...  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন

307

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত শুকুৰবাৰৰ দিনৰ ভাগত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই পৰিদৰ্শন কৰি কাঁইটীয়া তাঁৰৰ বেৰ বানপানীয়ে উটুৱাই নিয়া স্থানৰ লগতে বানৰ কবলত পৰা কেবাটাও বি এছ এফ কেম্প পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা আসামেৰ আলগা ভাৰত-বাংলাদেশ সীমান্তত যোৱা পাঁচ দিন পূৰ্বে বানৰ পানীয়ে বাংলাদেশৰ ফালৰ পৰা ঢল আহি কাঁইটীয়া বেৰ সহ সীমান্ত পথ উটুৱাই নিয়ে। ইয়াৰ পাছতেই অঞ্চলটোত আতংকময় পৰিবিশেৰ সৃষ্টি হয়।

আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ এইদৰে উটুৱাই নিয়াত সীমান্তত নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। ইতিমধ্যে যোৱা চাৰিদিন পূৰ্বে জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী ফণী ভূষণ চৌধুৰী সীমান্তৰ উক্ত ভঙা স্থানত আহি পৰিদৰ্শন কৰি সোনকালে পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আৰু ইয়াৰ পাছতেই শুকুৰবাৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই পৰিস্থিতিৰ বুজ লবলৈ আহে।

দিনৰ প্ৰায় ১১ বজাত আৰক্ষী বিষয়াগৰাকীয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষক, বি এছ এফৰ একাংশ শীৰ্ষ বিষয়াৰ লগত সীমান্তৰ সেই কাঁইটীয়া তাঁৰৰ বেৰ উটুৱাই নিয়াৰ স্থান পৰিদৰ্শন কৰে। ইতিমধ্যে প্ৰায় ১৭০ মিটাৰ কাঁইটীয়া তাৰৰ বেৰ আৰু সীমান্ত পথ খন বাংলাদেশৰ ফালৰ পৰা অহা বানপানীয়ে উটুৱাই নিয়ে।

ইফালে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে কাঁইটীয়া তাঁৰৰ বেৰৰ পৰিৱেশ বুজ লোৱাৰ উপৰিও বানৰ কবলত পৰা বি এছ এফ কেম্প সমূহৰ ভিতৰত আসামেৰ আলগা, দ্বীপচৰ বি এছ এফ কেম্পলৈ গৈ সুৰক্ষা বাহিনীৰ লোকসকলৰ পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়।

মন কৰিবলগীয়া যে, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অৰ্ধ শতাধিক বি এছ এফ কেম্প বৰ্তমান দিনটোলৈ বানৰ কবলত পৰি থকা পৰিলক্ষিত হৈছে। ফলত সুৰক্ষা বাহিনীৰ জোৱান সকলে অতি কষ্টৰে সীমান্তত বিভিন্ন নাওঁ আদিৰে পহৰাৰ ব্যৱস্থা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি