যি কাম অসম আৰক্ষীয়েও কৰিব পাৰে

যি কাম অসম আৰক্ষীয়েও কৰিব পাৰে

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় কিছু সেৱা ৰেহাই দিয়া হৈছে। কিন্তু সেই সেৱা বহন কৰিবলৈ যাওঁতে কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা সম্ভাৱনা আছে। সমগ্ৰ দেশতে লকডাউনৰ সময়ত গেলামালৰ দোকানসমূহ, পেট্ৰ'ল পাম্প, এটিএম সমূহ আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰে জড়িত প্ৰতিষ্ঠান, কাৰ্যালয় সমূহ খোলা ৰখা হৈছে।

অসমত গেলামালৰ দোকানসমূহ খোলা ৰখা হৈছে যদিও দোকানলৈ অহা লোকসকলে যাতে সামাজিক দুৰত্ব বজাই ৰাখে তাৰ প্ৰতি কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। নিয়ম অনুসৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ মাজত দুৰত্ব এক মিটাৰ হ'ব লাগে। ৰাজ্য চৰকাৰে এই বিষয়টো মন কৰা নাই।

কিন্তু বহুকেইখন ৰাজ্যৰ গেলামালৰ দোকানৰ সন্মুখত কিছু চিহ্নৰ জৰিয়তে গ্ৰাহকসকলক এক মিটাৰ পাৰ্থক্যতহে সামগ্ৰী ক্ৰয় বা আন জৰুৰী কাৰণত বাহিৰলৈ ওলালে অৱস্থান গ্ৰহণ কৰিবলৈ দিয়া হৈছে। কৰ্ণাটক আৰক্ষীয়ে সামাজিক দুৰত্ব বজাই ৰখাৰ বাবে গেলামালৰ দোকানৰ সন্মুখত এক মিটাৰ দুৰত্বত এনে কিছু চিহ্ন দি গ্ৰাহক সামগ্ৰী ক্ৰয় কৰাৰ বাবে ব্যৱস্থা কৰি দিছে।

কৰ্ণাটক আৰক্ষীৰ পদক্ষেপ।

অসম আৰক্ষীয়েও নিজা উদ্যোগত এই কথা বিবেচনা কৰি চাব পাৰে। আন নহ'লেও মহানগৰীত থকা ফাৰ্মাচী আৰু গেলামালৰ দোকানসমূহৰ ক্ষেত্ৰত আৰক্ষীয়ে উদ্যোগ গ্ৰহণ কৰি এনে ব্যৱস্থা কৰিলে পৰ্যায় ক্ৰমে এইয়া আন ব্যৱসায়ীসকলেও কৰিবলৈ বাধ্য হ'ব। নয়ডাটো সামাজিক দুৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চক বা আন চিহ্নৰে বৃত্তকাৰ ঘৰ সাজি এক মিটাৰ দুৰত্বত গেলামালৰ দোকানত গ্ৰাহকসকলক সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সুবিধা কৰি দিয়া হৈছে।

পঞ্জাৱ আৰক্ষীয়েও বিভিন্ন স্থানত ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰি এই সংকটৰ সময়ত মানৱীয় দায়িত্ব পালন কৰিছে। অসম আৰক্ষীয়ে এই দিশত জনসচেতনতা বৃদ্ধি আৰু বাটপথ চেনিটাইজ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

কেৰেলা চৰকাৰে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ বাবে এই প্ৰাথমিক ব্যৱস্থা কৰি দিছে। লকডাউনৰ সময়ত যাতে খাদ্য সামগ্ৰী বা আন প্ৰয়োজনীয় জৰুৰী সামগ্ৰী ক্ৰয় কৰিবলৈ অহা লোকসকলে সামাজিক দুৰত্ব বজাই ৰাখিব পাৰে সেই ক্ষেত্ৰত ৰাজ্যখনত এনে পদক্ষেপ গ্ৰহণত নিশ্চয় উদ্যোগ ল'ব পাৰে অসম আৰক্ষীয়ে।

মহানগৰীত পুৱাৰ ভাগত কেবাখনো গেলামালৰ দোকানৰ সন্মুখত জুম বান্ধি খাদ্য সামগ্ৰী সংগ্ৰহ কৰাৰ দৃশ্য দেখা পোৱা গৈছিল। এফালে লকডাউন, আনফালে গেলামাল বা আন দোকানৰ সন্মুখত এনেদৰে জুম বান্ধি খাদ্য সামগ্ৰী ক্ৰয় কৰি এই লকডাউন কিমান সফল হ'ব সেয়াও এক চিন্তনীয় দিশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in