ত্ৰিপুৰাত আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ গুলিবৰ্ষণ, ১জন নিহত…

ত্ৰিপুৰাত আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ গুলিবৰ্ষণ, ১জন নিহত…

ডি়জিটেল ডেস্কঃ উত্তৰ ত্ৰিপুৰাত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত আৰক্ষীৰ গুলিবৰ্ষণ কৰে। এই গুলিবৰ্ষণৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু অন্যান্য কেইবাজনো আঘাটপ্ৰাপ্ত হয়। আৰক্ষীৰ মতামত অনুসৰি আন্দোলনকাৰীৰ জৰিয়তে শিল দলিওৱা আৰূ পনীসাগৰ চহৰত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত এই ঘটনা সংঘটিত হয়। ঘটনা সংঘটিত ঠাইখিনি ৰাজ্য খনৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা ৪ ঘন্টাৰ দূৰৈত অৱস্থিত।

উল্লেখযোগ্য যে, এই আন্দোলন কাৰী সকলে হাজাৰ হাজাৰ আদিৱাসী শৰণাৰ্থীক পুণৰ সংস্থাপন কৰাৰ দাবীত অনিৰ্দিষ্টকালীন বন্ধৰ সমৰ্থন জনাইছিল। ১৬ নবেম্বৰৰ পৰাই এই কাৰ্যসূচী হাতত লৈছিল আন্দোলনকাৰীয়ে। স্থানীয় লোকৰ মত অনুসৰি স্থানীয় অগ্নি নিৰ্বাপকত বাহিনীৰ এজন লোকৰো এই ঘটনাত মৃত্যু হয় যদিও আৰক্ষীয়ে এতিয়ালৈকে এই বিষয়ে কোনো চৰকাৰী বিবৃতি প্ৰকাশ কৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in