সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ…

সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ,  ২৭ লাখ টকা জব্দ…

ডিজিটেল সংবাদ বৰপেটাঃ ম্যানমাৰৰ পৰা চলি থকা সোণৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে বৰপেটা জিলাত ৷ জিলাখনৰ এচাম অসাধু লোক জড়িত হৈ আছে এই ব্যৱসায়ৰ সৈতে ৷ বৰপেটাত গঢ়ি উঠা এই নেটৱৰ্কৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই আজি অভিযান চলাই সোণৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰ ধৃত চোৰাং ব্যৱসায়ীজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সোণৰ চোৰাং ব্যৱসায়ীজন বৰপেটাৰ বানিয়াৰা পাৰাৰ ছাহজামাল ওৰফে ছাহজাহান বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা পৰিচালিত সোণৰ চোৰাং ব্যৱসায়ৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল ছাহজাহান আলী ৷ ছাহজাহানৰ জৰিয়তে বৰপেটা জিলাত গঢ় লৈ উঠিছিল সোণৰ চোৰাং ব্যৱসায় ৷ উল্লেখ্য যে , সোণৰ চোৰাং ব্যৱসায় সন্দৰ্ভত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নাগপোহ আৰক্ষী থানাত ১২২/ ২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন হৈছিল ৷

উক্ত গোচৰৰ আঁত ধৰিয়েই মেঘালয় আৰক্ষীয়ে কালি যশু মিঞা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল ৷ যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয় আৰক্ষীয়ে বৰপেটাৰ আৰক্ষীক খবৰ দিয়ে ৷ এই খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে আজি বানিয়াৰাপাৰা গাঁৱত অভিযান চলাই ছাহজামাল ওৰফে ছাহজাহানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত ছাহজাহান আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে তালাচী চলাই ঘৰৰ বিভিন্ন স্থানত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে নগদ ২৭ লাখ, ১১ হাজাৰ ৪৮০ টকা ৷ ইতিমধ্যে মেঘালয় আৰক্ষীৰ লোক বৰপেটা সদৰ আৰক্ষী থানাত উপস্থিত হৈছে ৷ আজি মেঘালয় আৰক্ষীয়ে ধৃত ছাহজাহান আলীক নিজৰ জিম্মাত লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in