Published on:
Updated on:
- গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল।
- লুইতৰ বুকুত নৈশ ভোজত ভাগ লোৱা আটাইকেইজন বিষয়াক বদলি কৰা হৈছে।
- শাস্তিমূলকভাৱে বদলি মদে-মাংসই পাৰ্টী কৰা আৰক্ষী বিষয়াকেইজনক।
- গৌতম বৰাক গুৱাহাটীৰ মধ্যম মণ্ডলৰ আৰক্ষীৰ উপায়ুক্ত ৰূপে দায়িত্ব প্ৰদান।
- গৌতম বৰা আছিল কাহিলিপাৰাৰ ১০এপিবিএনৰ কামাণ্ডেণ্ট।
- ডিচিপি লংনিট টেৰণক বিআইইঅ'ৰ এছ পি ৰূপে বদলি কৰা হৈছে।
- দুদিন পূৰ্বে বিআইইঅ'ৰ এছপি ৰূপে যোগদান কৰা স্বপ্ননীল ডেকাক শদিয়ালৈ বদলি।
- শদিয়াৰ এছপি ভাউৰীলাল মিনাক কাছাৰৰ এছ পি ৰূপে বদলি কৰিছে।
- কাছাৰৰ কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত বুলি অভিযুক্ত হৈ অহা কাছাৰৰ এছ পি মানৱেন্দ্ৰ ৰয়ক ১০ এপিবিএনৰ কামাণ্ডেণ্ট ৰূপে বদলি
- নুনমাটিৰ এচিপি জিকিৰাণী মহন্তক মান্দাকাটাৰ বেটেলিয়নলৈ বদলি।
- ৪ এপিবিএনলৈ বদলি কৰা হৈছে পাণবজাৰৰ এচিপি লৱ কুমাৰ ডেকাক।
- মহিলা আৰক্ষী থানাৰ এচিপি অৰুণিমা ভূঞাক ৪এপিবিএনলৈ বদলি কৰা হৈছে।
- বঙাইগাঁৱৰ ডিএছপি মৈত্ৰেয়ী ডেকাক পাণবজাৰৰ এচিপি ৰূপে বদলি।
- নীলোৎপল ডেকাক নুনমাটিৰ এচিপিৰ দায়িত্ব দিয়া হৈছে।
- জ্যোতিপ্ৰসাদ পেগু হ'ব জালুকবাৰীৰ নতুন এচিপি ৰূপে বদলি।
- ৰ'জী তালুকদাৰক পাণবজাৰ মহিলা থানাৰ এচিপিৰ দায়িত্ব।
- বিআইইঅ'ৰ ডিএছপি অমৃতৰাজ চৌধুৰীক বঙাইগাঁৱলৈ বদলি কৰা হৈছে।
- পাণবজাৰ থানাৰ অ' চি হেমেন দাসক উত্তৰ শালমাৰালৈ বদলি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in