প্ৰতীকি  ফটো
প্ৰতীকি ফটো

বাহিৰলৈ নোলাব! “এক্টিভ” হৈ আছে আৰক্ষী, লকডাউনত সংগ্ৰহ ৪,৩৪,২৫,৭৫০ টকাৰ জৰিমণা

ডিজিটেল ডেস্কঃ লকডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। পুৱাৰে পৰা আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত চলাইছে অভিযান। যাতে কোনো লোকে লকডাউনৰ নীতি নময় অমান্য কৰি ঘূৰি ফুৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে আৰক্ষী।

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা আৰক্ষীয়ে চলাইছে অভিযান। যি সকল লোক জৰুৰী সেৱাৰে সৈতে জড়িত তেওঁলোকক আৰক্ষীয়ে নিৰ্দিষ্ট নথিপত্ৰ পৰীক্ষা কৰিয়ে যাবলৈ দিছে। আনহাতে বাকী যিসকল লোকে আকাৰণতে ঘূৰি ফুৰিছে তেওঁলোকৰ বাহন জব্দ কৰাৰ লগতে আৰক্ষীয়ে জৰিমণা বিহিছে।

ইফালে ২৫ মাৰ্চ, ২০২০ৰ পৰা দেওবাৰ (২৮ জুন) লৈকে হেলমেট নিপিন্ধা লোকৰ পৰা আৰক্ষীয়ে ৬২,৭৫,৯০০ টকা জৰিমণা সংগ্ৰহ কৰিছে। ইয়াৰ লগতে মুঠ ৩৪,১৪৯খন বাহন আৰক্ষীয়ে এতিয়ালৈকে জব্দ কৰিছে। ইফালে মুঠ ৪,৩৪,২৫,৭৫০ টকা জৰিমণা মুঠ আৰক্ষীয়ে সংগ্ৰহ কৰিছে। আৰক্ষীয়ে জব্দ কৰা দুচকীয়া বাহনৰ সংখ্যা ৩০,৩৪২খন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in