শেহতীয়া খবৰ
নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন....  •  পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...

নাগালেণ্ডৰ সেনাৰ হত্যালীলা সন্দৰ্ভত মেজৰসহ ৩০ সেনা জোৱানৰ বিৰুদ্ধে এছ আই টিৰ অভিযোগনামা দাখিল…

ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ মন জিলাত সেনাৰ হত্যা লীলা সন্দৰ্ভত নাগালেণ্ড এছ আই টিয়ে মেজৰসহ ২১ টা পেৰা স্পেচি বাহিনীৰ কমেও ৩০ জন সদস্যৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছে। উল্লেখ্যে যে ২০২১ চনৰ ৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ অটিং-তিৰু অঞ্চলত সেনাৰ অভিযানত ১৩ জন সাধাৰণ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

এই ঘটনা সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা অভিযোগ নামাখনত সেনাৰ দলৰ অধীনত হত্যা আৰু অপৰাধমূলক হত্যাৰ অভিযোগ আৰোপ কৰা হৈছে। অভিযোগনামাত উল্লেখ কৰা হৈছে যে সেনাৰ বিশেষ বাহিনীৰ অভিযানকাৰী দলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া আৰু ব্যস্ততাৰ নিয়ম অনুসৰণ কৰা নাছিল। তেওঁলোকে সাধাৰণ লোকসকলক লক্ষ্যকৰি নিৰ্বিচাৰ আৰু অসামঞ্জস্যপূৰ্ণ গুলীচালনা কৰিছিল। যাৰ ফলত তাৎক্ষণিকভাৱে ৬ জন নাগৰিকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত এই সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছিল।

ক্লিক কৰি পঢ়কঃ১৫৪ প্ৰাৰ্থী, ২৬ খন চকী ! কোনে মাৰিব শেষ হাঁহি…